সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Sports  / Cricket  / ভাৰত-পাক খেল নালাগে !

ভাৰত-পাক খেল নালাগে !

প্ৰাক্তন ক্ৰিকেটাৰে নিবিচাৰে এই ক্ৰিকেট

নতুন দিল্লী,২৩ফেব্ৰুৱাৰী : ক্ৰিকেটাৰ তথা সাংসদ গৌতম গম্ভীৰে জম্মু কাশ্মীৰত পৰিৱেশ শান্ত নোহোৱালৈকে ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰিকেট খেল অনুষ্ঠিত কৰাৰ কোনো প্ৰয়োজন নাই বুলি উল্লেখ কৰিছে ৷ ভাৰত-পাকিস্তান টি -২০ মেচৰ ২০০৭ চনৰ নায়ক গৌতম গম্ভীৰে আজি দুয়োখন দেশৰ খেলৰ বিষয়টো উল্লেখ কৰি কয় যে খেলতকৈ আমাৰ সীমান্তৰ সৈন্যসকলৰ জীৱনৰ মূল্য অধিক ৷ আন্তৰাষ্ট্ৰীয় শক্তিৰ হেঁচাত পাকিস্তানে সন্ত্ৰাসবাদ নিঃশেষ হোৱা বুলি কৈ আহিছে যদিও জম্মু কাশ্মীৰ সীমান্তত এতিয়াও সন্ত্ৰাসবাদীৰ আহযাহ আৰু আক্ৰমণ চলিয়ে আছে ৷ “পাকিস্তান সীমান্তৰ চিয়াছেন সীমান্তত থকা সৈনিকৰ বিষয়ে মই আগৰেপৰাই ভাবোঁ ৷ সৰুতে মই সেনাবাহিনীত যোগদানৰ সপোন দেখিছিলোঁ ৷ কিন্তু ৰঞ্জী ট্ৰফীত খেলাৰ সুযোগ পোৱাৰপিছত মা-দেউতাই মোক ক্ৰিকেট খেলাৰ লগত জড়িত হ’বলৈ আহ্বান জনাইছিল ৷ মই বৰ্তমান ৰাজনীতিৰ লগত জড়িত ৷ কিন্তু ৰাজনীতিৰ লগত জড়িত হোৱাৰ আগৰপৰাই মোৰ বাবে দেশ আছিল উৰ্ধত ৷ ”