বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / ৰুমাল,গামোচাতো লিখিলে

ৰুমাল,গামোচাতো লিখিলে

কোনো কাৰণতে কা বোলে নামানে

চৰাইদেউ, ২৩ ফেব্ৰুৱাৰী : অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ‘অসম বচাওঁ আহক’ শীৰ্ষক অভিযানৰ অংশস্বৰূপে জনবিৰোধী  কা- বাতিলৰ দাবীত ৰাজ্যজুৰি এক গণস্বাক্ষৰ অভিযান আৰম্ভ কৰিছে ৷ যোৱা ১৪ ফেব্ৰুৱাৰীত শিৱসাগৰৰ বিশাল গণসমাবেশত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীয়ে ঘোষণা কৰিছিল যে কা – বাতিল কৰিবই লাগিব ৷ ৰাহুল গান্ধীৰ কা – বাতিলৰ বাণী বিয়পাবলৈ চৰাইদেউ জিলাত এই অভিযানৰ ব্যাপক প্ৰচাৰত নামি পৰিছে সোণাৰি নগৰৰ বিশিষ্ট সমাজকৰ্মী তথা যুৱনেতা উৎপল গগৈ ৷ তেখেতে  প্ৰত্যেকদিনে চৰাইদেউ জিলাৰ বিভিন্ন পঞ্চায়তে-পঞ্চায়তে গৈ ৰাইজৰ পৰা গণস্বাক্ষৰ সংগ্ৰহ কৰাৰ লগতে কা -ৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ বাবে ব্যাপক প্ৰচেষ্টা হাতত লোৱা পৰিলক্ষিত হৈছে ৷ মন কৰিবলগীয়া যে ২০১৯-২০ বৰ্ষত সমগ্ৰ অসমজুৰি হোৱা উত্তাল প্ৰতিবাদত চৰাইদেউ জিলাবাসীয়েও পূৰ্ণ সমৰ্থনেৰে অংশগ্ৰহণ কৰিছিল ৷ আনহাতে, প্ৰতিবাদী কণ্ঠৰ ওপৰত আৰক্ষী-প্ৰশাসনৰ নিৰ্বিচাৰ হাৰাশাস্তিৰ ক্ষোভ চৰাইদেউ জিলাবাসীয়ে অদ্যপৰিমিত বুকুত কঢ়িয়াই ফুৰিছে ৷ তেনে সময়তে  সমাজৰ বিভিন্ন স্তৰত জনহিতৈষী কৰ্মৰাজিৰে উদ্ভাসিত ৰাইজৰ আপোন যুৱনেতা উৎপল গগৈৰ সবল নেতৃত্বত আৰম্ভ হোৱা এই অভিযানৰ  প্ৰতি ৰাইজে অভূতপূৰ্ব সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে ৷ ইফালে ৰাইজে নিজৰ ঘৰৰ পৰা গামোচা, ৰুমাল ইত্যাদিত ‘কা  আমি নামানো’ লিখি গগৈৰ হাতত প্ৰদান কৰি এই অভিযানক এক অনন্য মাত্ৰা প্ৰদান কৰিছে ৷