সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / জিলিকিব বটদ্ৰৱা

জিলিকিব বটদ্ৰৱা

বিশ্ব পৰ্যটন মানচিত্ৰত এইবাৰ বটদ্ৰৱা জিলিকিব

 নগাঁও, ২৪ফেব্ৰুৱাৰী :  বিশ্বৰ বুকুত জিলিকি উঠিব জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ পুণ্য জন্মস্থান বটদ্ৰৱা। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে এই সাংস্কৃতিক প্ৰকল্পৰ নিৰ্মাণৰ শুভাৰম্ভ কৰিব। ১৮৮কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগা এই সাংস্কৃতিক প্ৰকল্পৰ বাবে প্ৰয়োজন হ’ব ১৩০বিঘা ভূমিৰ। ইয়াৰ বাবে দীৰ্ঘদিনে বেদখলকাৰীৰ কবলত থকা বহু ভূমি কৰা হৈছে বেদখল মুক্ত। গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান সামৰি নিৰ্মাণ হ’ব লগা এই সাংস্কৃতিক প্ৰকল্পত থাকিব গুৰুজনাৰ কৃষ্টি-সংস্কৃতিৰ সমল পূৰ্ণ বিশ্বমানৰ সংগ্ৰহালয়।

আনহাতে, এই সংগ্ৰহালয়ৰ ভৱনসমূহ নিৰ্মাণ কৰা হ’ব গুৰুজনাই অসমীয়া জাতিক দি যোৱা বাদ্য-যন্ত্ৰ খোল-তালৰ আৰ্হিত। এই প্ৰকল্পৰ নিৰ্মাণ সম্পূৰ্ণ হ’লে সমগ্ৰ দেশৰে সৰ্বাঙ্গ সুন্দৰ ধৰ্মীয় পৰ্য্যটনথলীলৈ ৰূপান্তৰিত হ’ব জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থান। প্ৰকল্পটোৰ কাম আগুৱাই নিবৰ বাবে বৃহস্পতিবাৰে থান পৰিচালনা সমিতিৰ সৈতে এক বৈঠকতো মিলিত হ’ব ভাৰতৰ গৃহমন্ত্ৰীগৰাকী। গৃহমন্ত্ৰী গৰাকীয়ে বটদ্ৰৱাৰ সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ হ’ব লগীয়া ভূমিত এখন বিশাল জনসভাতো অংশগ্ৰহণ কৰিব।