বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / নাৰীশক্তিৰ প্ৰতীক আছিল জয়াললিতা

নাৰীশক্তিৰ প্ৰতীক আছিল জয়াললিতা

জয়াৰ প্ৰশংসাত পঞ্চমুুুখ মোডী

নতুন দিল্লী,২৪ ফেব্ৰুৱাৰী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়াললিতাৰ ৭৩ সংখ্যক জন্মজয়ন্তীত প্ৰয়াত নেত্ৰীগৰাকীক স্মৰণ কৰি কয় যে নাৰীশক্তিৰ বাবে তেওঁ যথেষ্টখিনি কৰিছিল ৷ “জয়াললিতাক স্মৰণ কৰি মই আজি কওঁ তেওঁ গ্ৰহণ কৰা পদক্ষেপসমূহ আছিল যথেষ্ট জনপ্ৰিয় ৷ সমাজৰ অৱহেলিত লোকসকলৰ বাবে তেওঁ সদায় কাম কৰিছিল ৷ তেওঁ সদায় নাৰীশক্তিৰ কাৰণে কাম কৰিছিল ৷ মই যেতিয়াই লগ পাইছিলোঁ,তেতিয়াই তেওঁ মোক এই কথা কৈছিল”-এনেদৰে কয় মোডীয়ে ৷ জয়াললিতাই ১৯৪৮ চনত জন্মগ্ৰহণ কৰিছিল আৰু মুঠ পাঁচবাৰ তামিলনাডুৰ মূখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল ৷ ১৯৯১ চনৰ পৰা ২০১৬ চনলৈ মুঠ ২৫ বছৰ তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে আছিল জয়াললিতা ৷