বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / কাকো দেখি ৰন্ধা-বঢ়া,কাকো দেখি দুৱাৰ মৰা

কাকো দেখি ৰন্ধা-বঢ়া,কাকো দেখি দুৱাৰ মৰা

৮৮ বৰ্ষীয়াকো পাতিব মুখ্যমন্ত্ৰী !

নতুন দিল্লী,২৫ ফেব্ৰুৱাৰী : দিল্লী মেট্ৰ’ৰ জনক কে শ্ৰীধৰণে শেহতীয়াকৈ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি অত্যন্ত অত্যুৎসাহী হৈ পৰিছে ৷ কেৰেলা বিধানসভা সমষ্টিৰ পৰা এইবাৰ তেওঁ ভাৰতীয় জনতা পাৰ্টিক প্ৰতিনিধিত্ব কৰাৰ সম্ভাৱনা আছে ৷ তেওঁৰ প্ৰাৰ্থীত্বৰ সম্ভাৱনীয়তা ব্যক্ত কৰিছে ৰাজ্যখনৰ বিজেপিৰ সভাপতি কে সুন্দৰমে ৷ ৮৮ বছৰীয়া শ্ৰীধৰণে কয় “ বিজেপিয়েহে কেৱল উন্নয়ন সম্ভৱ কৰি তুলিব পাৰে৷”শ্ৰীধৰণ কেৰেলাৰ কোচী মেট্ৰ’ৰো জন্মদাতা ৷ তেওঁ বৰ্তমানৰ কেৰেলা চৰকাৰক সমালোচনা কৰি কয় “ কেৰেলাত বিজ্ঞাপনতহে চৰকাৰৰ জয়গান ৷ ”১৯৯০ চনতে শ্ৰীধৰণে ৰাষ্ট্ৰীয় সংবাদমাধ্যমত শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছিল ৷ মাত্ৰ সাত বছৰত তেওঁ কংকন ৰেলৱে প্ৰজেক্টটো সম্পূৰ্ণ কৰিছিল ৷ “বিজেপি দলে যিহেতু কেন্দ্ৰতো শাসন কৰি আছে ,সেয়ে কেৱল এই দলটোৱেহে উন্নয়ন সাধন কৰিব পাৰিব”-এনেদৰে কয় শ্ৰীধৰণে ৷ ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ আগত নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ আগতে ৭৫ বছৰ বয়সৰ উৰ্ধৰ কোনো লোকক মন্ত্ৰীসভাত ৰখা নহ’ব বুলি ঘোষণা কৰা হৈছিল আৰু সেই অনুসৰি লাল কৃষ্ণ আদৱানি আৰু মুৰলী মনোহৰ যোশী মন্ত্ৰীসভাৰ পৰা বাদ পৰিছিল ৷ কিন্তু এতিয়া ৮৮ বছৰীয়া শ্ৰীধৰণক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা বিষয়টোৱে সকলোকে হতচকিত কৰি তুলিছে ৷