সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / চাৰিচকীয়া এৰি দুচকীয়াত

চাৰিচকীয়া এৰি দুচকীয়াত

মূল্যবৃদ্ধিৰ প্ৰতিবাদ মমতাৰ

কলকাতা,২৫ ফেব্ৰুৱাৰী : পেট্ৰল – ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দুচকীয়া ইলেক্ট্ৰনিক বাহনত উঠি চহৰখনৰ প্ৰধান পথসমূহ ভ্ৰমণ কৰে ৷ দেশৰ বেছিভাগ ৰাজ্যতেই পেট্ৰলৰ মূল্যই ১০০ টকা পাৰ কৰাত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভেট প্ৰতি লিটাৰত এক টকাকৈ হ্ৰাস কৰিছে ৷ বিদ্যুতচালিত বাহনত উঠি আজি মুখ্যমন্ত্ৰীগৰাকী নবান্নাত উপস্থিত হয়গৈ ৷ কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰি তেওঁ কয় যে এই চৰকাৰখনে জনসাধাৰণৰ ওপৰত অযথা চাপৰ সৃষ্টি কৰি আহিছে ৷