বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / নীলা আকাশৰ ৰূপোৱালী তৰা হ’লগৈ কুল দা

নীলা আকাশৰ ৰূপোৱালী তৰা হ’লগৈ কুল দা

খহি পৰিল সংগীতৰ ভোটাতৰা

গুৱাহাটী,২৫ ফেব্ৰুৱাৰী : বিশিষ্ট সুৰকাৰ,গায়ক ,গীতিকাৰ কুল বৰুৱাই আজি পুৱা শিলপুখুৰীৰ নিজা বাসগৃহত ইহলীলা সম্বৰণ কৰে ৷ ১৯৩৮ চনত গুৱাহাটীত জন্ম গ্ৰহণ কৰা কুল বৰুৱাৰ গীতে এসময়ত অসমৰ শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল ৷ তেওঁ আছিল আধুনিক ৰোমাণ্টিক গীতৰ পথিকৃত ৷ আকাশবাণীৰ জনপ্ৰিয় গায়ক কুল বৰুৱাৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে অসমৰ সাংস্কৃতিক জগতখন৷ বিশিষ্ট শিল্পী ৰমেন বৰুৱাই কয় “অতি নিৰ্জু অমায়িক কুল বৰুৱাৰ মৃত্যু অসমীয়া সাংস্কৃতিক জগতৰ বাবে এক বৃহৎ ক্ষতি ৷ ”তেওঁ কেইবাটাও চিৰসেউজ গীতত কণ্ঠ নিগৰাই অসমীয়া সংগীতৰ জগতখনক চহকী কৰি থৈ গৈছে ৷ তেওঁৰ বিখ্যাত গীতবোৰৰ ভিতৰত ‘জুমি জুমি’,’তেনেকৈ নাচাবা’,’কাৰোবাৰ দুনয়ন’,’নীলা আকাশৰে’,’দুহাততে দিছা মোক’ আদি প্ৰধান ৷ আজি দুপৰীয়া নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন হয় ৷ শেষকৃত্যৰ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ হৈ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য উপস্থিত থাকে ৷ কুল বৰুৱাৰ মৃত্যুৱে অসমীয়া সংগীত জগতৰ এক যুগৰ অবসান ঘটালে ৷