বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / পৰ্যটনৰ ‘বটবৃক্ষ’ হ’ব বটদ্ৰৱা

পৰ্যটনৰ ‘বটবৃক্ষ’ হ’ব বটদ্ৰৱা

বটদ্ৰৱাত ভৰি থৈ আনন্দিত শ্বাহ

নগাঁও,২৫ ফেব্ৰুৱাৰী : এক ঐতিহাসিক  মূহুৰ্তৰ সাক্ষী হ’ল গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান আৰু বৃহত্তৰ বটদ্ৰৱা অঞ্চলৰ ৰাইজ। আজি দুপৰীয়া ১২.৩০ বজাত বটদ্ৰৱাত হেলিকপ্টাৰেৰে পদাৰ্পন কৰে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ, লগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। হেলিকপ্টাৰৰ পৰা নামি পোনে পোনে বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ বেদখলমুক্ত ১৩০ বিঘা ভূমিত লক্ষাধিক লোকৰ উপস্থিতিত এখন জনসভাত  অংশ গ্ৰহণ কৰে। সভাত আৰম্ভণি ভাষণ প্ৰদান কৰে অসমৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ভাষণ প্ৰসঙ্গত মন্ত্ৰী ড° শৰ্মাই কয় “  অসমীয়া জাতীয় জীৱনৰ বাবে আজিৰ দিনটো উল্লেখ্যযোগ্য দিন। আমি গুৰুজনাক অসমত নহয় সমগ্র বিশ্বত পৰিচয় কৰাব বিচাৰিছোঁ। অসমীয়া জাতিক আগুৱাই নিবলৈ হ’লে শংকৰ মাধৱৰ আদৰ্শ অনুকৰণ কৰিবই লাগিব।শঙ্কৰদেৱ কলাক্ষেত্ৰৰ ওপৰত আক্ৰমণ চলোৱা সকল অসমীয়াৰ কেতিয়াও আপোন হ’ব নোৱাৰে।” আগন্তুক ১৮ মাহৰ ভিতৰত বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব বুলি ড° হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভাষণত উল্লেখ কৰাৰ লগতে “মুক্তিত নিস্পৃহ যিটো /সেহি ভকতক নমো/ৰসময় মাগোহো ভকতি ” শীৰ্ষক ঘোষাৰে ভাষণৰ সামৰণি মাৰে। পাছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে “জয় জয় বটদ্রৱা বৈকুন্ঠ দুতয়, সেহি স্থানে নিজ গুৰু ভৈলন্ত উদয়” শীৰ্ষক বটদ্ৰৱা থান বৰ্ণনা গীতেৰে আৰম্ভণি কৰি নিজৰ  ভাষণত মুখ্যমন্ত্ৰী গৰাকীয়ে “গুৰুজনাৰ বিষয়ে গুনানুকীৰ্তন কৰাৰ ধৃষ্টতা মোৰ নাই।

মানৱ জাতিক শান্তিৰ বাৰ্তা দিবলৈ গুৰুজনাৰ আদৰ্শেৰে অনুপ্ৰাণিত হ’ব লাগিব। নৱ প্ৰজন্মক শংকৰদেৱ প্ৰমুখ্যে বৈষ্ণৱ গুৰুসকলৰ জীৱন দৰ্শন অধ্যয়নৰ জড়িয়তে বিশ্ব মানৱ জাতিৰ সন্মুখত চিনাকি কৰি দিব লাগিব।” আমি অসমীয়া মহাজাতিৰ সন্তান বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে  নিজৰ ভাষণত উল্লেখ কৰে। গৃহমন্ত্ৰী অমিত শ্বাহে “শংকৰদেৱৰ জন্মস্থানলৈ আহিব পৰাতোৱেই মোৰ পৰম সৌভাগ্য। গুৰুজনাৰ ওচৰলৈ আহিবলৈ কৃপা দৃষ্টি লাগিবই। মহাপুৰুষ শংকৰদেৱৰ আদৰ্শত ৰামৰাজ্যৰ কল্পনা নিহিত আছে। বিশ্ব মানৱ জাতিৰ একাত্মবোধ, ভ্ৰাতৃত্ব আৰু মানৱতাবোধৰ নিদৰ্শন ভাৰতীয় মহাজাতিয়ে শঙ্কৰদেৱ মাধৱৰ পৰা অনুকৰণ কৰিব লাগিব। স্বাধীনতাৰ আগতেই মহাত্মা গান্ধীয়ে কৈছিল, আপোনালোক অসমীয়া জাতি সৌভাগ্যবান। গুৰু শংকৰে পাঁচশ বছৰ পূৰ্বে এই ভূমিত ৰামৰাজ্য প্ৰতিষ্ঠা কৰি গৈছে। মই অসম চৰকাৰক অনুৰোধ কৰিম, বছৰি ২৫ হাজাৰ সত্ৰ-নামঘৰক অনুদান আগবঢ়াওক।

আধ্যাত্মিকতাৰ সাংস্কৃতিক পৰিক্ৰমাৰ  মাজেৰে জাতিক চেতনাবোধ জাগ্ৰত কৰিব পাৰি  । অসমত এতিয়া গড় হত্যা বন্ধ হৈছে, আৰু এটা কাম কৰিবলৈ বাকী আছে। বানপানীৰ পৰা অসমক মুক্ত কৰিবলৈ আৰু পাঁচ বছৰ সময় লাগিব। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী  ড° হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি, কভিড’ৰ সময়ত সন্মুখৰ পৰা কৰ’নাৰ পৰা ৰাইজক বচাবলৈ নেতৃত্ব দিয়াৰ বাবে দুয়োগৰাকীকে গৃহমন্ত্ৰী শ্বাহে ধন্যবাদ জ্ঞাপন কৰে। শান্তি আৰু বিকাশৰ কাম বিজেপিৰ দ্বাৰা সম্ভৱ। গুৰুজনাৰ জন্মস্থান নগাঁৱৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ উমাকান্ত বৰুৱা, ভোগেশ্বৰী ফুকননীকে প্ৰমুখ্য কৰি সকলো শ্বহীদৰ নাম উচ্চাৰণ কৰি গৃহমন্ত্ৰী গৰাকীয়ে কয় যে কংগ্ৰেছক জিকাবলৈ সৰু সৰু দল বোৰে আন্দোলন কৰিছে।প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈক প্ৰকৃত সন্মান নৰেন্দ্ৰ মোডীয়েহে দিছে। স্বাধীনতা আন্দোলনৰ  মুক্তিযোদ্ধা সকলক প্ৰকৃত সন্মান বিজেপিয়ে দিছে।

কংগ্ৰেছৰ শাসনৰ দীৰ্ঘকাল বেদখল হৈ থকা বটদ্ৰৱাৰ এই ভূখণ্ডত আমাৰ চৰকাৰে বেদখলমুক্ত কৰি যুগ যুগান্তৰলৈ গুৰুজনাৰ অমৰ কীৰ্তি চিহ্ন ৰখাৰ সংকল্পৰে আমি এই বটদ্ৰৱা থানৰ সৌন্দৰ্য বৰ্ধন আৰু উন্নয়ন এই প্ৰকল্পৰ শুভাৰম্ভণি কৰিছোঁ।” ভাষণ শেষ কৰি সম্পূৰ্ণ জাতীয় সাজত বটদ্ৰৱা থানত প্ৰৱেশ কৰে গৃহমন্ত্ৰী অমিত শ্বাহ। গৃহমন্ত্ৰীৰ লগত জাতীয় সাজত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ,  বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাসহ বটদ্ৰৱা থানত প্ৰৱেশ কৰে। ভকত বৈষ্ণৱৰ আনন্দ উল্লাসৰ মাজেৰে বটদ্ৰৱাৰ  জাপি বাটচ’ৰাৰে পোনে পোনে কীৰ্তন ঘৰত প্ৰৱেশ কৰে গৃহমন্ত্ৰী গৰাকীয়ে। গায়ন বায়নৰ মাঙ্গলিক বাদ্য, আয়তীৰ মংগল উৰুলি, দিহানামেৰে গৃহমন্ত্ৰী অমিত শ্বাহক বটদ্ৰৱা থানলৈ আদৰি অনা হয়। বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱে  দবা, কাঁহ, ঘন্টা আদি দেৱবাদ্যৰ মংগলিক ধ্বনিৰে গৃহমন্ত্ৰীক আশীৰ্বাদ প্ৰদান কৰে। ইফালে বটদ্ৰবা থানত গৃহ মন্ত্রী অমিত শ্বাহে এক সাংবাদ মেল সম্বোধন কৰি কয় “পৰম সৌভাগ্যৰ দিন, যি খন ঠাইৰ পৰা গুৰু শংকৰ দেৱে ভক্তি আন্দোলনক সমগ্ৰ উত্তৰ পূৱত বিস্তাৰিত কৰিছিল, মহাগ্ৰাম বটদ্ৰৱাৰ পবিত্ৰ সেই স্থানৰ  নামঘৰৰ ভিতৰত মই গুৰুৰ আশীৰ্বাদ লাভ কৰি নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। সেই বাবে মই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছোঁ ৷ ”