দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Neighbours  / Bangladesh  / বাংলাদেশী ক্ৰিকেটাৰৰ অথন্তৰ

বাংলাদেশী ক্ৰিকেটাৰৰ অথন্তৰ

বিবাহিত নাৰীক বিয়া কৰাই শ’লঠেকত

ঢাকা,২৫ ফেব্ৰুৱাৰী : বাংলাদেশৰ ক্ৰিকেটাৰ নাছিৰ হুছেইনে তেওঁৰ বিবাহ সম্পৰ্কত উৰাবাতৰি উলিওৱা লোকসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ  গ্ৰহণ কৰিব বুলি সকীয়াই দিছে ৷ উল্লেখযোগ্য যে তামিমা তামিম নামৰ এগৰাকী কেবিন ক্ৰিউৰ লগত তেওঁ বিবাহ সম্পন্ন হৈছিল বিগত ১৪ ফেব্ৰুৱাৰীত ৷ কিন্তু বিয়াৰ  এক সপ্তাহ পিছত তেওঁৰ স্বামী ৰেকিব হাছানে নাছিৰ আৰু তামামাৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে ৷

সেই অনুসৰি তেওঁৰ পত্নী তামামাই তেওঁৰ লগত বিবাহবিচ্ছেদ নকৰাকৈ ক্ৰিকেটাৰ নাছিৰৰ লগত বিবাহপাশত আৱদ্ধ হোৱাৰ বিষয়ে উল্লেখ কৰিছে ৷ আনহাতে,তামামাই উল্লেখ কৰিছে যে তেওঁ সকলো আইনী প্ৰক্ৰিয়া সমাপ্ত কৰিহে নাছিৰৰ লগত বিবাহপাশত আৱদ্ধ হৈছে ৷ তামামাই কয়“ মই ৰেকিবৰ লগত বিবাহপাশত আৱদ্ধ হোৱাতো সঁচা আৰু আমাৰ এটি সন্তানো আছে,বাকী যিবোৰ কথা ৰেকিবে কৈছে ,সেই সকলোবোৰ মিছা ৷ আমাৰ ছ’চিয়েল মেডিয়া একাউণ্ট সক্ৰিয় হৈ থকা নাই ৷ কিবা আপডেট থাকিলে আপোনালোকে নাছিৰৰ পেজতেই পাব ৷ ”ক্ৰিকেটাৰ নাছিৰে কয় “এতিয়া তেওঁ মোৰ পত্নী তামামা হুছেইন ৷ মই তাইৰ বিৰুদ্ধে কোনো কথাই শুনিব নিবিচাৰোঁ ৷ কোনোবাই তাইৰ বিষয়ে বেয়াকৈ ক’লে মই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম ৷ ”