শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / মন গ’লেই নিলিখিব !

মন গ’লেই নিলিখিব !

বিতৰ্কিত পষ্ট প্ৰথমে কোনে দিছিল,লাগিব তথ্য

নতুন দিল্লী,২৫ ফ্ৰেব্ৰুৱাৰী : সামাজিক মাধ্যম যেনে ফেচবুক,হোৱাটছ আপ,টুইটাৰ আদি দেশৰ জনসাধাৰণৰ মাজত জনপ্ৰিয় হৈ পৰাৰ সমান্তৰালকৈ বিভিন্ন নেতিবাচক,ভ্ৰান্ত,বিকৃত তথ্য অতি কম সময়ৰ ভিতৰতে এক বৃহৎ সংখ্যক নাগৰিকৰ মাজত বিয়পাই দিয়াৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে ৷ বিশেষকৈ কৃষক বিক্ষোভ সংক্ৰান্তীয় বিভিন্ন ভ্ৰান্ত,উদ্দেশ্য প্ৰণোদিত বাতৰি বিয়পাই দিয়া বুলি কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা এই জনপ্ৰিয় সামাজিক মাধ্যম সমূহৰ তীব্ৰ সমালোচনা কৰা হৈছিল ৷ আনকি টুইটাৰৰ এক শীৰ্ষ বিষয়াই এই সংক্ৰান্তত পদত্যাগ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ আজি তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে উক্ত সামাজিক মাধ্যম সমূহৰ বাবে এক নতুন নিয়মাৱলী ঘোষণা কৰে ৷

উক্ত নিয়মাৱলীৰ আধাৰত সকলো সামাজিক মাধ্যম প্ৰতিষ্ঠানে ভাৰতস্থিত এক উচ্চপদস্থ বিষয়া নিয়োগ কৰিব লাগিব যাৰ প্ৰধান কাম হ’ব উক্ত সামাজিক মাধ্যমটোৰ বিপক্ষে কৰ্তৃপক্ষৰ ওচৰত দাখিল কৰা সকলো অভিযোগৰ তদন্ত কৰা ৷ তাৰোপৰি  সকলো সামাজিক মাধ্যম প্ৰতিষ্ঠানে এই ক্ষেত্ৰত এক বিস্তৃত মাহেকীয়া প্ৰতিবেদন দাখিল কৰিব লাগিব ৷ আনহাতে, নগ্ন,যৌন উত্তেজক বা মহিলাৰ প্ৰতি সন্মান হানিকৰ কোনো চিত্ৰ আদি এই প্ৰতিষ্ঠানসমূহে প্ৰকাশ কৰিব নোৱাৰিব ৷ সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে ভাৰতৰ তদন্তকাৰী সন্থাসমূহে বিচাৰিলেই এই সামাজিক মাধ্যমৰ প্ৰতিষ্ঠানসমূহে যিকোনো বিতৰ্কিত পষ্ট প্ৰথমে কোনে দিছিল,তাৰ বিতং তথ্য জনাব লাগিব ৷

বৰ্তমানে এক বিশেষ  ব্যৱস্থাৰ জৰিয়তে সামাজিক মাধ্যমৰ প্ৰতিষ্ঠানসমূহে বহুবাৰ ফৰৱাৰ্ড হোৱা বা বিতৰণ হোৱা পষ্টৰ উৎস সাধাৰণ ৰাইজ তথা আইন শৃংখলাৰ দায়িত্বত থকা বিভাগসমূহৰ সততে চকুত নপৰাকৈ গোপন কৰাৰ প্ৰযুক্তি ব্যৱহাৰ কৰে ৷ কিন্তু ভাৰত চৰকাৰৰ আজি ঘোষিত নিয়মৰ অধীনত এই গোপনীয়তা নাথাকিব ৷ গতিকে এনে পদক্ষেপৰ জৰিয়তে ভ্ৰান্ত,বিকৃত তথা উত্তেজিত কৰিব পৰা বাতৰি দিয়াজনৰ পৰিচয় সকলোৰে বাবে সহজলভ্য হৈ পৰিব ৷