সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / অসমত বন্ধ নহ’ল

অসমত বন্ধ নহ’ল

কোনো কোনো ঠাইত বন্ধৰ আংশিক প্ৰভাৱ

গুৱাহাটী,২৬ ফেব্ৰুৱাৰী : আজি সৰ্ববভাৰতীয় ব্যৱসায়ী সন্থাই আহ্বান জনোৱা ১২ঘণ্টীয়া ভাৰত বন্ধৰ প্ৰভাৱ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত আংশিকভাবেহে পৰাতো পৰিলক্ষিত হয় ৷ উত্তৰ পূবৰ প্ৰায়বোৰ প্ৰধান চহৰৰ লগতে উত্তৰ পূবৰ দুৱাৰমুখ গুৱাহাটীতো এই বন্ধৰ প্ৰভাৱ আংশিকভাৱেহে পৰা দেখা যায় ৷ এই সময়ছোৱাত ব্যক্তিগত যানবাহনৰ লগতে সৰু বাণিজ্যিক বাহন পথত চলাচল কৰাৰ লগতে যাত্ৰীবাহী বাছো  সীমিত ৰূপত আহযাহ কৰা পৰিলক্ষিত হয় ৷ অসম চেম্বাৰচ অব কমাৰ্চৰ সাধাৰণ সম্পাদক শিশিৰ দেৱ কলিতাই কয় “নতুন জিএছটিকলৈ ব্যৱসায়ীসকল বিমোৰত পৰিছে ৷ ”

“জিএছটিৰ এই সংশোধনী কাৰ্যই সৎ জিএছটি দিওঁতা সকলক বিপদত পেলাব ৷ তদুপৰি মধ্যবিত্ত ব্যৱসায়ীসকল কঠোৰ সমস্যাৰ সন্মুখীন হ’ব”- এনেদৰে কয় সাধাৰণ সম্পাদকগৰাকীয়ে ৷