বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / ইভিএম টিপিবলৈ সাজু হ’বৰ হ’ল

ইভিএম টিপিবলৈ সাজু হ’বৰ হ’ল

নিৰ্বাচনৰ দিন ঘোষণা

গুৱাহাটী,২৬ ফেব্ৰুৱাৰী : দেশৰ নিৰ্বাচন আয়োগে আজি পাঁচখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে ৷ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্য কেইখন হ’ল অসম,পশ্চিমবংগ,পুডুচেৰী,কেৰালা আৰু তামিলনাডু ৷ অসমত এই নিৰ্বাচন তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব আৰু প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অহা ২৭ মাৰ্চত অনুষ্ঠিত হ’ব ৷ ১আৰু ৬ এপ্ৰিলত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ প্ৰথম পৰ্যায়ত ৪৭ টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৷ দ্বিতীয় পৰ্যায়ত মুঠ ৩৯ টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু ৪০ টা সমষ্টিত ৬ এপ্ৰিলত  তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ  অনুষ্ঠিত হ’ব ৷ ভোটগ্ৰহণৰ ফলাফল ঘোষণা হ’ব ২ মে’ত ৷ ২০১৬ চনৰ বিধানসভাৰ নিৰ্বাচনত অসমৰ মুঠ ১২৬ খন আসনৰ ৮৬ খন আসনত বিজেপি মিত্ৰজোঁটে জয়লাভ কৰিছিল ৷ অসমৰ লগতে আজি আন চাৰিখন ৰাজ্যতো নিৰ্বাচনৰ দিন ঘোষণা হৈছিল ৷ সমগ্ৰ দেশৰ ৮২৪ খন বিধানসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ১৮.৬৮ কোটি লোকে ভোটদান কৰিব ৷