বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / উৰিষ্যা আজি বন্ধ হ’ল

উৰিষ্যা আজি বন্ধ হ’ল

বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

ভুৱনেশ্বৰ,২৬ ফেব্ৰুৱাৰী : উৰিষ্যাত আজি ভাৰত বন্ধৰ প্ৰভাৱ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহত সৰ্বাত্মকৰূপত পৰা দেখা গৈছে ৷ উৰিষ্যাৰ ব্যৱসায়ী সন্থাই এই বন্ধ সমৰ্থন কৰাৰ বাবে ৰাজ্যখনৰ ৰাজধানী চহৰ ভুৱনেশ্বৰত সম্পূৰ্ণ বন্ধৰ প্ৰভাৱ পৰা দেখা গৈছে ৷ উল্লেখযোগ্য যে আজি সৰ্ববভাৰতীয় ব্যৱসায়ী সন্থাই ১২ ঘণ্টীয়া ভাৰত বন্ধৰ আহ্বান জনাইছে ৷ জিএছটি অৰ্থাৎ সামগ্ৰী আৰু সেৱা কৰ ,পেট্ৰলজাত সামগ্ৰীৰ মূল্য বৃদ্ধি আৰু ইলেক্ট্ৰনিক বিলৰ সংশোধনৰ বিৰোধিতা কৰি এই বন্ধ ঘোষণা কৰিছে সংগঠনটোৱে ৷ ৰাজ্যখনৰ ৰাজধানী ভুৱনেশ্বৰৰ ওপৰিও বালাচৰ,কটক,ৰুৰকেলা আদি ঠাইৰ সকলো দোকান পোহাৰ ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ আছে ৷ অৱশ্যে সকলোধৰণৰ জৰুৰী সেৱা এই বন্ধৰ পৰা ৰেহাই দিয়া হৈছে ৷ উৰিষ্যাৰ ব্যৱসায়ী সন্থাৰ সভাপতি সুধাকৰ পাণ্ডাই কয়“ চৰকাৰে জিএছটি এক সৰল প্ৰক্ৰিয়া বুলি ক’ব খোজে যদিও ই কিন্তু প্ৰকৃততে যথেষ্ট জটিল ৷ তদুপৰি পেট্ৰলজাত সামগ্ৰী আৰু ইলেক্ট্ৰনিক বিল ব্যৱস্থাৰ সংশোধন নহ’লে  আমাৰ সমস্যাৰ সৃষ্টি হ’ব ৷ ”উৰিষ্যা চৰকাৰে বন্ধৰ সময়ছোৱাত শান্তি সম্প্ৰীতি অটুত ৰখাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ৷