সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / নাই,নাই বুলি পুনৰ কৰ’না

নাই,নাই বুলি পুনৰ কৰ’না

নগাৱঁৰ ৰহাত কৰ’না ৰোগী

নগাঁও,২৬ ফেব্ৰুৱাৰী : বিগত বৰ্ষত বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ’না মহামাৰী কিছু পৰিমাণে হ্ৰাস পাইছিল যদিও বৰ্তমান পুনৰ কৰ’না মহামাৰীৰ সংক্ৰমণ মানৱ দেহত ধৰা পৰিছে যাক লৈ শংকিত হৈ পৰিছে জনসাধাৰণ। নগাঁও জিলাৰ ৰহাৰ লাউফুলাবড়ীত পিতৃ আৰু কন্যাৰ দেহত ধৰা পৰিছে ক’ভিড ১৯ পজিটিভ। ৰহাৰ লাউ ফুলাবড়ীৰ চুচেন চন্দ্ৰ বৰদলৈ নামৰ লোকজনৰ লগতে তেওঁৰ কন্যা দশম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ দেহত ধৰা পৰিছে ক’ভিড ১৯ৰ উপস্থিতি। জানিব পৰা মতে বিগত দুদিন ধৰি জ্বৰত আক্ৰান্ত হোৱা চুচেন চন্দ্ৰ বৰদলৈয়ে মহাদেউশাল  চিকিৎসালয়ত উপস্থিত হৈ স্বাস্থ্য পৰীক্ষা কৰে । স্বাস্থ্য কেন্দ্ৰত চুচেনক ক’ভিড পৰীক্ষা কৰোৱাত ইয়াৰ উপস্থিতি ধৰা পৰে। পিচত চুচেনৰ পৰিয়ালৰ সকলো সদস্যকে ক’ভিড পৰীক্ষা কৰাত তেওঁৰ কন্যা দশম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ দেহতো ক’ভিড ১৯ৰ উপস্থিতি ধৰা পৰে। বৰ্তমান দুয়োকে হ’ম আইচ’লেশ্বনত ৰখা হৈছে। মিস্ত্ৰীৰ যোগালি হিচাপে কাম কৰি ফুৰা চুচেনৰ কোনো ভ্ৰমণ ইতিহাস নাই।ইফালে শুক্ৰবাৰে চিকিৎসালয়ৰ তৰফৰ পৰা ছাত্ৰীগৰাকী অধ্যয়নৰত জোঙাল বলহু শ্বহীদ স্মৃতি হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলকো ক’ভিড পৰীক্ষা কৰা হয়।