মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / নেন’ টেকন’লজিত প্ৰথম নগাঁৱৰ সৌম্য

নেন’ টেকন’লজিত প্ৰথম নগাঁৱৰ সৌম্য

অসমৰ নাম জিলিকালে নগঞাই

নগাঁও, ২৬ ফেব্ৰুৱাৰী : গুজৰাট কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ নেন’ টেকন’লজী বিভাগৰ স্নাতকোত্তৰ পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান দখলেৰে ৰাজ্যখনৰ বাবে সুনাম কঢ়িয়াই অনা সৌমদ্বীপ বৰা নামৰ মেধাৱী ছাত্ৰজনক অলপতে বিশ্ববিদ্যালয়খনত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দে স্বৰ্ণ পদক প্ৰদান কৰে।  বিশ্ববিদ্যালয়খনত আয়োজিত উক্ত অনুষ্ঠানত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ ওপৰি কেন্দ্ৰীয়  শিক্ষা মন্ত্রী ৰমেশ পোখৰিয়াল, গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱৰাজ,উপমুখ্যমন্ত্ৰী নিতীনভাই পেটেলে অংশগ্ৰহণ কৰে । সম্প্ৰতি  গুজৰাট কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত গৱেষণাৰত সৌমদীপ বৰা নগাঁও চহৰৰ ছোট হয়বৰ নিবাসী দীপক বৰা আৰু দীপালী বৰাৰ পুত্র । উল্লেখ্য যে ৰাজ্যখনৰ অগ্ৰণী শিক্ষানুষ্ঠান নগাঁও চহৰৰ  ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰাক্তন  ছাত্ৰ সৌমদ্বীপৰ এনে সফলতাত শিক্ষা প্রতিষ্ঠানখনৰ অধ্যক্ষ দিলীপ কুমাৰ বৰাৰ লগতে শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰী সকল উৎফুল্লিত হৈ পৰে ।