বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / দেউৰী সকলনো কোন,জানো আহক

দেউৰী সকলনো কোন,জানো আহক

দেউৰী ৰীতি নীতি পৰম্পৰাৰ বিষয়ে

লিখিছে বিনয় কৃষ্ণ তামুলী ফুকনে : দেউৰী সকল অসমৰ এক প্ৰাচীন জনগোষ্ঠী। অসমৰ তৃতীয় বৃহৎ জনগোষ্ঠী
দেউৰীসকলৰ লগত তাহানিৰ কুণ্ডিল নগৰৰ ভীষ্মক ৰজাৰ সম্পৰ্কনো কি সেই বিষয়ে আমি বহুতেই নাজানে।

কালিকা পুৰাণত উল্লেখ থকা অনুসৰি দিক্কৰা বাসিনী নামৰ এখন শক্তিপীঠ আছিল। দিক্কৰা বাসিনীৰ দুটা ৰূপ বিদ্যমান, তীক্ষ্ণ কণ্ঠ আৰু ললিত কণ্ঠ। তীক্ষ্ণ কণ্ঠৰ দেহৰ বৰণ ক’লা আৰু পেটটো ঘটিৰ দৰে। এই ৰূপক উগ্ৰতাৰা বা এক জঁটা বোলে। ললিত কণ্ঠ ধুনীয়া আৰু আকৰ্ষণীয় আৰু তেওঁক তাম্ৰেশ্বৰী বোলা হয়। তাম্ৰেশ্বৰী মন্দিৰত অতীতত নৰবলি প্ৰথা প্ৰচলিত আছিল যদিও আহোম সকলে এই প্ৰথা বন্ধ কৰি দিছিল।
বৰ্তমান তিনিচুকীয়া জিলাৰ  অসম-অৰুণাচল  সীমান্তত এই তাম্ৰেশ্বৰী মন্দিৰ অৱস্থিত। শদিয়াৰ পৰা প্ৰায় ১৮ কিঃমিঃ নিলগত এই মন্দিৰৰ অৱস্থান।
অসমৰ বিভন্ন স্থানত সিঁচৰতি হৈ থকা দেউৰী সকলসকল চাৰিটা প্ৰধান খেলত বিভক্ত ৷সেইয়া হ’ল – দিবঙীয়া ,টেঙাপনীয়া, বৰগঞা আৰু পাটৰ গঞা।

দিবঙীয়া সকলে তেওঁলোকৰ দেওশালত কুণ্ডিমামক আৰাধনা কৰে আৰু এওঁলোকৰ শালক বুঢ়া-বুঢ়ী শাল বোলা হয়।

টেঙাপনীয়া সকলে  বলিয়া বাবা শিৱক আৰাধনা কৰে আৰু শালখনক শিৱৰ পুতল শাল বোলে।

বৰগঞা সকেল কেঁচাই খাইতী বা তাম্ৰেশ্বৰী গোঁসানীক পূজা কৰে।
পাটৰ গঞাসকলে আকৌ শাল পাত আৰাধনা কৰে।
অসমৰ বাহিৰেও চুবুৰীয়া নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশত সিঁচৰতি হৈ থকা এই দেউৰী সকলৰ ‘দেউৰী’ শব্দটোৰ উৎপত্তিৰ লগত শদিয়াৰ তাম্ৰেশ্বৰী মন্দিৰৰ এক সম্বন্ধ আছে। প্ৰবাদ মতে – এসময়ৰ মহামায়া তাম্ৰেশ্বৰী গোসাঁনীয়ে তেওঁৰ মায়া ছলনাৰে শক্তি প্ৰকাশ কৰি জগতৰ কল্যাণ সাধানাৰ্থে শিলাৰূপে দিবাং নৈত ওপঙি আছিল। তাকে দেখি ভীষ্মক ৰজাই ‘হেন্দুৱান’ৰ  লোকক মতাই অনাই মহামায়াৰ শিলাৰূপিনী দেৱীমূৰ্তিখনি যথাস্থানলৈ নিবলৈ আদেশ কৰিলে। কিন্তু দেৱী মূৰ্তিজনাক তাৰ পৰা নিব নোৱাৰিলে। শেষত নিৰুপায় হৈ তেওঁ ঢোল কোবাই সকলোকে জনাই দিয়ালে যে যিয়ে দেৱী মূৰ্তিজনাক নিব পাৰিব তেঁৱেই তেওঁৰ ৰাজপুৰোহিত হৈ বিখ্যাত বুঢ়া-বুঢ়ী,বলিয়া বাবা আৰু তাম্ৰেশ্বৰী মন্দিৰৰ পূজাৰী হ’ব। এই কথা প্ৰচাৰ হোৱাৰ লগে লগে বিভিন্ন জাতিৰ বিধে বিধে মানুহ আহি মূৰ্তি নিবলৈ চেষ্টা কৰাত ই বোলে ইমান গধুৰ হৈ পৰিল যে কুৰি-পঁচিছজন মানুহেও থকা ঠাইৰ পৰা লৰচৰ কৰিব নোৱাৰা হ’ল । অৱশেষত চাৰিজন চুতীয়াই গা ধুই শুচি-সংযম হৈ মাতৃক স্তুতি মিনতি কৰিলেহি৷ তেওঁলোকৰ অত্যন্ত পৰিশুদ্ধ আৰু পবিত্ৰ অন্তৰৰ সমবেত প্ৰাথৰ্না বাণীয়ে দেৱীৰ অন্তৰ স্পৰ্শ কৰিলে। দেৱী মূৰ্তি হালিজালি আপোনা আপুনি পাতল হ’ল। তেতিয়া সেই চাৰিজন চুতীয়াই দেৱী মূৰ্তি গোসাঁনীক দোলাত তুলি লৈ গৈ তাম্ৰেশ্বৰী মন্দিৰত থাপিলে। তেতিয়াৰ পৰা এই চাৰিজনক চুতীয়াসকলৰ ৰাজ পুৰোহিত পতা হয় আৰু এই সকলক দেউৰী বুলি কোৱা হয়। কাৰণ ‘সৰ্বভূতে অধিষ্ঠিতা পূৰ্ণ ব্ৰক্ষৰূপী এই অতি প্ৰাকৃত বা অতিজাগতিক মহাশক্তিক উপাসনা কৰোঁতাসকলেই দেউৰী। এই কথাবোৰে প্ৰমাণ কৰে যে দেউৰী সকল অসমৰ এক প্ৰচীন জনগোষ্ঠী।

চাৰি ভাগত বিভক্ত হ’লেও দেওশাল বা গোঁসানী শাল এই চাৰিওটা খেলৰ দেউৰী সকলৰ উমৈহতীয়া আৰাধনাৰ স্থলী। খেল ভেদে পূজা-পাতলৰ নীতি বেলেগ বেলেগ যদিও বিশ্বাসবোৰ প্ৰায় একেই।
সপ্তাহৰ বুধবাৰটো দেউৰী সকলে বৰ পবিত্ৰ বুলি গণ্য কৰে। সেয়ে দেউৰী সকলে পালন কৰা সকলো উৎসৱ বুধবাৰৰ দিনাই পালন কৰাা হয় ৷

অসমৰ আন আন জনগোষ্ঠীয়ে পালন কৰা তিনিওটা বিহু দোমাহীৰ দিনা যি বাৰতেই পৰে সেই মতে পালন কৰে যদিও দেউৰী সকলে নকৰে। দোমাহীৰ পিছৰ বুধবাৰৰ দিনাৰ পৰাহে তেওঁলোকৰ প্ৰতিটো বিহু আৰম্ভ হয়। বহাগৰ প্ৰথম বুধ বাৰে ‘কুন্দিমামা’ৰ আগত কুকুৰা বলি দিয়ে। থান ঘৰত পূজা নকৰাকৈ ঘৰে ঘৰে বিহু পালন কৰা নহয়।

দেউৰী সকলৰ প্ৰধান উৎসৱ বহাগ বিচু বা ইবাঁকু বিচু, মাঘ বিচু, শাওনীয়া পূজা, আই পূজা আৰু অম্বুবাচী বা সাতঅ চৱাৱেবা। কিন্তু মেটুৱা পূজাও দেউৰী সকলৰ অন্যতম আধ্যাত্মিক উৎসৱ। মেটুৱা পূজা বহাগ বিহুৰ পিছত কৰা হয়। এই পূজাত দেওশালত ৰাজহুৱাকৈ তিনিটা ছাগলী আৰু তেৰ জনী কুকুৰা বলি দিয়ে । চাৰি সিদ্ধৰ দুজনে ছাগলীৰ ঠেঙত এজনে মূৰত আৰু বৰ পূজাৰীয়ে বলি কাৰ্য সম্পন্ন কৰে।

সেইদৰে দেউৰী সমাজত শাওনীয়া পূজাৰো গুৰুত্ব বেছি। শাওনীয়া পূজা আচলতে ন-খোৱা পৰ্ব যদিও বহাগ বিচুত মেলি দিয়া দেৱতা অপ-দেৱতা সকলক পূজাৰীয়ে পুনৰ দেও শালত আবদ্ধ কৰে। 
সেইদৰে আই সবাহো দেউৰী সমাজৰ অন্যতম পূজা। এই পূজা সম্পূৰ্ণ সাত্বিক ভাৱে পতা হয় আৰু তেওঁলোকে ইয়াক ইয়ই মিদি বোলে। এই পূজা নৈৰ যুঁৱলিত সম্পূৰ্ণ সাত্বিক ভাবে পালন কৰা হয় আৰু কোনো জীৱ জন্তু বলিৰ সলনি কল, পিঠাগুৰি আদি নৈবদ্য অৰ্পণ কৰে।
এই সকলোবোৰ পূজা পাৰ্বণত দেউৰী সকলে কিমাৰু নামৰ এবিধ বিশেষ গছৰ পাত ব্যৱহাৰ কৰে আৰু ইয়াক অতি পবিত্ৰ বুলি গণ্য কৰা হয়।
পূজা-পাৰ্বণ বোৰত দেউৰী সকলে নো কি কি খাদ্য আৰু নৈবদ্য দিয়ে জানিবলৈ মন নাযায় নে আপোনাৰ ? দেউৰী সকলৰ পৰম্পৰাগত পানীয় “চুজে” অৰ্থাৎ মদ এই পূজাবোৰৰ অবিচ্ছেদ্য অংগ। হাঁহ, কুকুৰা, ছাগলী মাংসৰ বিবিধ পৰম্পৰাগত ব্যঞ্জনৰ লগৰে গাহৰি মাংসও দেউৰী সকলে ভক্ষণ কৰে যদিও থান ঘৰত গাহৰি নিষিদ্ধ।
এই দেওঘৰক লৈ দেউৰী সকলৰ অগাধ বিশ্বাস। কুণ্ডিমামাই সকলোৰে মংগল কৰিবলৈ দেও শালত বলি আগ কৰাটো দেউৰী সকলৰ নিয়ম। গাঁৱৰ লগতে পৰিয়ালৰ প্ৰতিজন সদস্যৰ মংগল কামনা, মনোবাঞ্চা পূৰণ, ৰোগ উপশম আদিৰ বাবে দেওশালত বলি আগ কৰা দেউৰী সকলৰ পৰম্পৰা।