বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Business  / Region  / ধাৰ লৈহে চলি আছে আমেৰিকা

ধাৰ লৈহে চলি আছে আমেৰিকা

ভাৰতৰ ওচৰত আমেৰিকান চৰকাৰ ঋণগ্ৰস্ত

নতুন দিল্লী ২৭ ফ্ৰেব্ৰুৱাৰী : সাধাৰণতে বিশ্বৰ আটাইতকৈ শক্তিশালী তথা ঐশ্বৰ্যশালী দেশৰ নাম মনলৈ আহিলেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ নামেই সকলোৰে মনলৈ আহে ৷ পৃথিৱীৰ প্ৰখ্যাত ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰিষ্ঠসংখ্যকেই এই দেশত অৱস্থিত ৷ আনহাতে ভাৰত এখন সমস্যাবহুল দেশ বুলিয়েই জনাজাত৷ কিন্তু শুনিবলৈ আচৰিত লাগিলেও এই কথা ধ্ৰুৱ সত্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এই ঐশ্বৰ্য তথা অহংকাৰ কিন্তু ভাৰতকে ধৰি পৃথিৱীৰ বিভিন্ন দেশৰ পৰা লোৱা ঋণৰ ওপৰতহে প্ৰতিষ্ঠিত ৷ এই কথা আমি কোৱা নাই ৷ আমেৰিকাৰ এজন প্ৰসিদ্ধ আইনজীৱী তথা কংগ্ৰেছৰ সদস্য এলেক্স মুনীয়ে উক্ত দেশৰ সংসদৰ মজিয়াত এক আলোচনাত অংশগ্ৰহণ কৰি চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি এই মন্তব্য কৰে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা ভাৰত চৰকাৰক প্ৰায় ২১৬ বিলিয়ন আমেৰিকান ডলাৰৰ ঋণ ঘূৰাই দিবলৈ এতিয়াও বাকী আছে বুলি এলেক্স মুনীয়ে ব্যক্ত কৰে ৷ সদ্যহতে আমেৰিকান চৰকাৰৰ মুঠ ২৯ ট্ৰিলিয়ন ডলাৰৰ ঋণৰ বোজা আছে ৷ তাৰে ভিতৰত চীন তথা জাপান প্ৰত্যেকৰে পৰা ১ ট্ৰিলিয়ন ডলাৰৰ ঋণ আমেৰিকান চৰকাৰে লৈছে ৷ এই বিদেশী দেশবোৰৰ পৰা লোৱা বৃহৎ ঋণৰ পুঁজিৰ আলমতে আমেৰিকা যুক্তৰাষ্ট্ৰই মিছা অহংকাৰ কৰাত মত্ত বুলি আইনজীৱী গৰাকীয়ে তীব্ৰ ককৰ্থনা কৰে ৷ বিদেশী ৰাষ্ট্ৰৰ ওপৰত ঋণৰ পুঁজিৰ বাবে নিৰ্ভৰ কৰিবলগীয়া আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ ধোঁৱাখুলীয়া স্বভাৱ পৰিৱৰ্তন নকৰিলে এদিন ঋণৰ বোজাত সমগ্ৰ দেশৰ অৰ্থনীতিৰে ককাঁল ভাঙি যাব বুলি তেওঁ সাবধানবাণী শুনায় ৷ আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰক ঋণ দিয়া বহুকেইখন বিদেশী ৰাষ্ট্ৰ শত্ৰুভাৱাপন্ন মনোভাৱৰ বুলিও প্ৰখ্যাত  আইনজীৱী গৰাকীয়ে উল্লেখ কৰে ৷