মঙ্গলবাৰ, ৩ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / নগাঁও অপৰাধীৰ ঘাটি !

নগাঁও অপৰাধীৰ ঘাটি !

নম্বৰপ্লেটবিহীন আপাচী বাইক জব্দ

নগাঁও: ২৭ ফেব্ৰুৱাৰী : নগাঁও চহৰৰ সমীপৰ পলাশনীত ২২ ফেব্ৰুৱাৰী সন্ধিয়া সংঘটিত হোৱা গুলীচালনা ঘটনাৰ সন্দৰ্ভত নগাঁৱৰ আৰক্ষীয়ে আজি পুৱতি নিশা দুটা ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ধৃত ডকাইত  দুটা হ’ল জিয়াবুৰ ৰহমান আৰু আজিবুৰ ৰহমান।  আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুয়োৰে ঘৰ ৰূপহী হাটত। ইয়াৰে জিয়াবুৰ ৰহমান নগাঁও চহৰৰ সমীপৰ মৰিকলঙৰ আজাদ নগৰ আৰু আজিবুৰ  মধ্য শিয়ালমাৰীৰ ভাড়াঘৰত থাকে। আৰক্ষীয়ে অভিযান কালত জিয়াবুৰৰ পৰা এখন নম্বৰ প্লেট বিহীন আপাচী মটৰ চাইকেল আৰু আজিবুৰৰ পৰা এটা ৭.৬৫  পিষ্টল আৰু চাৰি জাঁই সজীৱ গুলী উদ্ধাৰ কৰে। উল্লেখ্য , ২২ ফেব্ৰুৱাৰী সন্ধিয়া  ৰূপহীহাটৰ পৰা নগাঁৱলৈ বাইকত  অহি থকা অৱস্থাত পুলক নাথ নামৰ ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মচাৰী জনক  এই দুজন ডকাইতে বাটত আগচি ধৰি গুলী চালনা কৰিছিল। ফলত পুলক নাথ আহত হৈ চিকিৎসাধীন হ’ব লগা হৈছিল । এই ঘটনা সংঘটিত হোৱাৰ পাছতে পুলক নাথে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল। এই এজাহাৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে ৪০৩/২১ নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছিল। এই তদন্তৰ ফলস্বৰূপে আজি পুৱতি নিশা আৰক্ষীয়ে ডকাইত দুটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। সম্প্ৰতি ধৃত ডকাইত দুটাক নগাঁও আৰক্ষীয়ে অধিক তথ্য উদঘাটনৰ বাবে জেৰা অব্যাহত ৰাখিছে।