সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / প্ৰতিষেধকৰ মূল্য নিৰ্ধাৰণ

প্ৰতিষেধকৰ মূল্য নিৰ্ধাৰণ

৩০০ টকাৰ পৰা ৫০০ টকা হ’ব ইয়াৰ মূল্য

নতুন দিল্লী,২৭ ফেব্ৰুৱাৰী : ক’ভাস্কিন আৰু ক’ভিশ্বিল্ডৰ দাম নতুনকৈ নিৰ্ধাৰণ কৰাৰ পৰামৰ্শ প্ৰদান কৰিছে নীতি আয়োগে৷নীতি আয়োগৰ পৰামৰ্শ অনুসৰি ইয়াৰ মূল্য ৩০০ টকাৰ পৰা ৫০০ টকা ধাৰ্য কৰা উচিত ৷ উল্লেখযোগ্য যে তৃতীয় পৰ্যায়ৰ প্ৰতিষেধক প্ৰদানৰ কাম অহা ১ মাৰ্চৰ পৰা আৰম্ভ হ’ব ৷ ব্যক্তিগত চিকিৎসালয়তো এই প্ৰতিষেধক প্ৰদান কৰা হ’ব আৰু ভাৰত বায়’টেকৰ কভাক্সিনৰ মূল্য কভিশ্বিল্ডতকৈ অলপ বেছি হ’ব বুলি এক বিশেষ সূত্ৰই প্ৰকাশ কৰিছে ৷ এই তৃতীয় পৰ্যায়ৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত ৫০ বছৰ উৰ্ধৰ সকলো লোককে সাঙুৰি লোৱা হ’ব ৷ শেহতীয়া এক গৱেষণাত প্ৰকাশ পাইছে যে কৰ্কট ৰোগত আক্ৰান্ত ব্যক্তিয়েও এই ভেকচিন লোৱাত বাধা নাই ৷