শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Bihar  / বিহাৰত বিদ্যালয় খুলিব

বিহাৰত বিদ্যালয় খুলিব

'প্ৰৱেশ উৎসৱ'ৰ জৰিয়তে নিশ্চিত কৰিব নামভৰ্তি

পাটনা,২৭ ফেব্ৰুৱাৰী : কৰ’না মহামাৰীৰ কৰাল গ্ৰাসে সমাজৰ সকলো দিশকে ক্ষতিগ্ৰস্ত কৰাৰ পিছত দেশৰ প্ৰায়বোৰ ৰাজ্যই এতিয়া বিদ্যালয় খোলাৰ সিন্ধান্ত গ্ৰহণ কৰিছে ৷ বিহাৰৰ নীতিশ কুমাৰৰ চৰকাৰেও কাইলৈ অৰ্থাৎ ১ মাৰ্চৰ পৰা বিদ্যালয় সমূহ খোলাৰ সিন্ধান্ত গ্ৰহণ কৰিছে ৷ বিদ্যালয়বোৰলৈ যাতে সমাজৰ সকলো শ্ৰেণীৰ ছাত্ৰছাত্ৰীয়ে আহে তাৰবাবেও ৰাজ্য চৰকাৰে ‘প্ৰৱেশ উৎসৱ’  অনুষ্ঠিত কৰাৰ সিন্ধান্ত গ্ৰহণ কৰিছে ৷ এই ‘প্ৰৱেশ উৎসৱ’ৰ জৰিয়তে সকলো ল’ৰাছোৱালীয়ে যাতে চৰকাৰী বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰিবলৈ আহে তাৰ ব্যৱস্থা কৰা হ’ব ৷