মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / সৃজনশীল মনৰ বাবে পুতলা চাওক

সৃজনশীল মনৰ বাবে পুতলা চাওক

পুতলা মেলা উদ্বোধন মোডীৰ

নতুন দিল্লী,২৭ ফেব্ৰুৱাৰী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি  ভাৰতীয় পুতলা মেলা ২০২১ উদ্বোধন কৰি পুতলা প্ৰস্তুতকাৰীসকলক যিমান পাৰি কম প্লাষ্টিক ব্যৱহাৰ কৰি পুতলাসমূহ তৈয়াৰ কৰিবলৈ আহ্বান জনাইছে ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় “ যিমান পাৰি কম প্লাষ্টিক ব্যৱহাৰ কৰিলে ই আমাৰ পৰিৱেশ তথা পাৰিপাৰ্শ্বিকতাত কুপ্ৰভাৱ পেলাব নোৱাৰিব ৷ আমাৰ পুতলাবোৰ পেলনীয়া সামগ্ৰীৰ পৰা তৈয়াৰী আৰু ইয়াক পুনৰ ব্যৱহাৰৰ উপযোগী সামগ্ৰীৰ পৰা তৈয়াৰ কৰা হয় ৷ “

আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত পুতলাৰ যথেষ্ট গুৰুত্ব আছে ৷ পুতলাই শিশুৰ মানসিকতাত ধনাত্মক প্ৰভাৱ পেলায় আৰু মনটোক সৃজনশীল কৰাত সহায় কৰে ৷ ২৭ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈ অনুষ্ঠিত হ’বলগীয়া এই মেলাত দেশৰ বিভিন্ন প্ৰান্তৰ পুতলা প্ৰস্তুতকৰ্তা,উদ্যমী,উদ্যোগী,বিক্ৰেতা,ক্ৰেতা তথা ছাত্ৰছাত্ৰী সমৱেত হ’ব ৷ এই মেলাই ডিজাইনাৰ সকলকো সহায় কৰিব বুলি প্ৰধানমন্ত্ৰী গৰাকীয়ে আশাপ্ৰকাশ কৰে ৷