শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / হৃত্বিক-কংগনাৰ কাজিয়া

হৃত্বিক-কংগনাৰ কাজিয়া

আৰক্ষীয়েও দিব পৰা নাই সমাধান

মুম্বাই,২৭ ফেব্ৰুৱাৰী : মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই আজি অভিনেতা হৃত্বিক ৰোচনৰ সাক্ষ্য গ্ৰহণ কৰে ৷ উল্লেখযোগ্য যে ২০১৬ চনত তেওঁৰ ইমেইল আইডিৰ পৰা  অভিনেত্ৰী কংগনা ৰাণাৱট আৰু তেওঁৰ টীমৰ আনসকল সদস্য সকললৈ ইমেইল গৈছিল ৷ অৱশ্যে ৰোচনে তেওঁৰ ইমেইল আইডি ব্যৱহাৰ কৰি আন কোনো লোকে এনে কৰা বুলি বাৰে বাৰে উল্লেখ কৰি আহিছে যদিও কংগনাই কিন্তু ২০১২ চনত হৃত্বিকৰ সেই একে মেইল আইডিৰ পৰা মেইলটো অহা বুলি দাবী কৰিছে ৷ দুয়োপক্ষৰ যুক্তিতৰ্কই তেওঁলোকৰ অনুৰাগী সকলক একপ্ৰকাৰ অসন্তুষ্ট কৰিছে ৷ আনহাতে,মুম্বাই আৰক্ষীয়ে গোচৰটো চাইবাৰ ক্ৰাইমৰ পৰা অপৰাধ শাখালৈ লৈ যায় ৷ কংগনাই আনকি হৃত্বিকে তেওঁৰ লগত সম্পৰ্কত থকা বুলিও উল্লেখ কৰিছিল ৷ এই অভিযোগৰ কোনো সত্যতা নাই বুলি উল্লেখ কৰিছে ৰোচনে ৷ দুয়োজন অভিনেতাই ২০১০ চনত ‘ক্ৰীচ’ নামৰ চলচ্চিত্ৰখনত অভিনয় কৰিছিল ৷