মঙ্গলবাৰ, ৩ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / নিৰ্বাচনী ‘সাগৰত’ জাহাজ লৈ লুৰিণ

নিৰ্বাচনী ‘সাগৰত’ জাহাজ লৈ লুৰিণ

আঞ্চলিকতাবাদী শক্তি ঐক্যবদ্ধ হওক

গুৱাহাটী,২৮ ফেব্ৰুৱাৰী : নিৰ্বাচন আয়োগৰ পঞ্জীয়নভুক্ত হ’ল নৱগঠিত অসম জাতীয় পৰিষদ ৷ বৰাক ব্ৰহ্মপুত্ৰৰ মাজত সমন্বয়ৰ বাৰ্তা নিশ্চিত কৰিব দলটোৰ প্ৰতীক জাহাজে৷বৃটিছৰ দিনৰ পৰাই জাহাজে এক গুৰুত্বপূৰ্ণ  ভূমিকা গ্ৰহণ কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ কয় ই এক সাকোঁ,ই বিজ্ঞানৰ লগতো জড়িত ৷ 
 দেশৰ বিভিন্ন আঞ্চলিক ৰাজনৈতিক দলসমূহ ৰাষ্ট্ৰীয়ভাৱে ঐক্যবদ্ধ হ’ব লাগে বুলি দোহাৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয়“আমি নিশ্চিত যে অসমবাসীয়ে ২০২১ ত এখন জাতীয়তাবাদী চৰকাৰ পাব ৷ আমাৰ চৰকাৰ কাৰো অনুগ্ৰহত গঠন নহয় ৷

আমি ৰাইজৰ দলৰ লগত যিহেতু মিত্ৰতাত আছো গতিকে আমি আসনৰ ভাগবটোৱাৰা বিষয়ে এই কেইদিনতে সিন্ধান্ত ল’ম ৷ “ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী যাদৱক সাক্ষাৎ নকৰাৰ বিষয়টো উল্লেখ কৰি তেওঁ কয়“ তেওঁ অসমলৈ আহিছে আৰু কংগ্ৰেছৰ লগত তেওঁলোকৰ এক সুসম্পৰ্ক আছে ৷ গতিকে আমি যিহেতু ৰাষ্ট্ৰীয় দলৰ লগত মিত্ৰজোঁটত নাযাওঁ তেন্তে তেওঁৰ লগত বহি আমি আমাৰ লক্ষ্যৰ পৰা আঁতৰি আহিব খোজা নাই ৷ ”হাগ্ৰামা মহিলাৰী মিত্ৰজোঁটত চামিল হোৱা বিষয়টো সম্পৰ্কত তেওঁ কয় “ বিপিএফ দলৰ লগত আমাৰ আলোচনা হৈছিল কিন্তু তেওঁলোকৰ চাগে কিবা ভিতৰুৱা এজেণ্ডা আছে সেয়ে বিষয়টো আগনবঢ়ালে ৷ ”