বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / বিজেপি শেষ বোলে, হাগ্ৰামাৰ মতে

বিজেপি শেষ বোলে, হাগ্ৰামাৰ মতে

মহাজোঁটত ৭ টা দল

গুৱাহাটী,২৮ ফেব্ৰুৱাৰী : কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটত আজি চামিল হ’ল হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বড়ো পিপুলচ ফ্ৰণ্ট চমুকৈ বিপিএফ ৷ আজি এক যুটীয়া সংবাদমেল সম্বোধন কৰি বিপিএফ ৰ অধ্যক্ষ হাগ্ৰামা মহিলাৰীয়ে কয়“অসমখনক বচোৱাৰ স্বাৰ্থত শান্তিৰ স্বাৰ্থত,একতাৰ স্বাৰ্থত ,প্ৰগতিৰ স্বাৰ্থত বিজেপিৰ সংগ ত্যাগ কৰি কংগ্ৰেছৰ লগত মিত্ৰজোঁটত যোগদান কৰাৰ সিন্ধান্ত ল’লো ৷ কংগ্ৰেছৰ নেতৃত্বতহে এনে এক পৰিৱেশ অনাটো সম্ভৱ৷ হাগ্ৰামা মহিলাৰী এতিয়াও শেষ হোৱা নাই কিন্তু বিজেপি এইবাৰ শেষ ৷

”বিপিএফ চামিল হোৱাৰ পিছত উৎফুল্লিত হৈ পৰিছে মহাজোঁটত আগৰে পৰা থকা আন দলৰ  নেতৃবৃন্দ ৷ বিপিএফে যোগদান কৰাৰ পিছত কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই কয়“এইটো সঁচাকৈয়ে আমাৰ বাবে আনন্দৰ খবৰ ৷ আমি ৰৰইজৰ দল আৰু অসম জাতীয় পৰিষদকো এই জোঁটৰ অংশীদাৰ হ’বলৈ আহ্বান জনাইছোঁ ৷ ”আনহাতে, আজমল নেতৃত্বাধীন এআইউডিএফ দলৰ মুখপাত্ৰ আমিনুল ইছলামে কয়“আমি আগতকৈয়ো অধিক শক্তিশালী হ’লো কাৰণ আমাৰ হাতত আৰু ১২খন আসন বৃদ্ধি পালে ৷

বিপিএফ দল যথেষ্ট গণভিত্তি থকা দল গতিকে আমি আমাৰ লক্ষ্যত উপনীত হোৱাতো নিশ্চিত ৷ ”বিজেপি নেতৃত্বৰ ওপৰত ক্ষোভ উজাৰি মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই কয়“বিজেপিয়ে আমাক ব্যৱহাৰ কৰিলে,যেতিয়াই মন যায় ব্যৱহাৰ কৰে আৰু প্ৰয়োজন শেষ হ’লে পেলাই দিয়ে ৷ আমি মন্ত্ৰীসভাত থকাৰ পিছতো স্বয়ম,অৰুণোদয় আঁচনিৰ সুবিধা আমাক নিদিলে ৷ সেয়ে আমি কংগ্ৰেছৰ লগত যোৱাৰ সিন্ধান্ত ল’লো ৷ কংগ্ৰেছৰ লগতহে আমাৰ মিত্ৰতা হ’ব আৰু যিহেতু কংগ্ৰেছ নেতৃত্বত আছে মহাজোঁটৰ গতিকে আমিও স্বাভাৱিকভাৱেই এই জোঁটৰ অংশীদাৰ হ’লো ৷

”উল্লেখযোগ্য যে মহাজোঁটত মুঠ ৬ টা দল ক্ৰমে কংগ্ৰেছ,এআইউডিএফ,জাতীয় ঐক্য মঞ্চ,চিপিআই,চিপিআই (এম),চিপিআই(এমএল) আছিল আৰু বিগত ১৯ জানুৱাৰীত এই মহাজোঁট গঠন হৈছিল ৷ এই জোঁটত অৱশ্যে নৱগঠিত দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে যোগদান কৰা নাই ৷ দুয়োটা দলৰ নেতৃবৃন্দই ইতিমধ্যে স্পষ্ট কৰি দিছে যে কোনো ৰাষ্ট্ৰীয় দলৰ লগত তেওঁলোকে ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ নহয় ৷