শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / অজাপৰ ‘জাহাজ’ত পলাশো

অজাপৰ ‘জাহাজ’ত পলাশো

পলাশ চাংমাই হ’ব সোণাৰিৰ প্ৰাৰ্থী

চৰাইদেউ, ১ মাৰ্চ : সমাগত বিধানসভা নিৰ্বাচন। তাৰ প্ৰাকক্ষণত বিভিন্ন ৰাজনৈতিক দলে তীব্ৰতৰ কৰি তুলিছে নিজৰ ৰাজনৈতিক দলীয় কুচকাৱাজ। ইফালে বিভিন্ন অৰাজনৈতিক দল-সংগঠনৰ নেতা এতিয়া ঢাপলি মেলিছে বিভিন্ন ৰাজনৈতিক দলৰ মজিয়ালৈ। প্ৰায়সংখ্যক নেতাৰেই সপোন ৰাজনৈতিক দলত যোগদান কৰি আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা।
চৰাইদেউ জিলাতো একেই পৰিৱেশ। জিলাখনৰ সোণাৰি আৰু মাহমৰা দুয়োটা সমষ্টিত কংগ্ৰেছ, বিজেপি দলৰ সমান্তৰালকৈ নৱগঠিত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে প্ৰতিদিনে বিভিন্ন সভা অনুষ্ঠিত কৰি ইতিমধ্যে দলীয় কৰ্মীসকলৰ মনোবল বৃদ্ধিত গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। আনহাতে, মাহমৰা সমষ্টিত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ সভাপতি মাণিক গগৈয়ে অসম জাতীয় পৰিষদত যোগদান কৰি ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰাৰ সমান্তৰালকৈ টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি পদত্যাগ কৰি ৰাইজৰ দলৰ লগত চামিল হৈ ইতিমধ্যে দলটোৰ জন্ম লগ্নৰেপৰা যথেষ্ট সক্ৰিয়তা প্ৰদৰ্শন কৰি আহিছে যুৱ নেতা লোহিত গগৈয়ে। জানিব পৰা মতে মাণিক গগৈ আৰু লোহিত গগৈ দুয়োৰে মন মাহমৰা সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ।

কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল যি সময়ত ৰাইজৰ দলৰ লগত অসম জাতীয় পৰিষদে ঐক্যবদ্ধ হোৱাৰ কথা চৰ্চা চলি আছে সেই সময়ত কোনজন নেতাই প্ৰাৰ্থীত্ব লাভ কৰিব সেয়া লক্ষণীয় হ’ব।
ইফালে সোণাৰি বিধানসভা সমষ্টিত  অসম জাতীয় পৰিষদৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ সম্ভাৱনা আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই। ইতিমধ্যে সেই কথা চৰ্চাও হৈছে বিভিন্ন সময়ত। শেহতীয়াকৈ পলাশ চাংমাই বিজেপি দলত যোগদান কৰিব বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছতে নিজৰ স্থিতি স্পষ্ট কৰি পলাশ চাংমাই বিজেপি দলত কোনো কাৰণতে যোগদান নকৰে, যদিহে ৰাজনৈতিক দলত যোগদান কৰিব লগীয়া হয় তেতিয়া হ’লে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত গঠন হোৱা অসম জাতীয় পৰিষদত যোগদান কৰিব বুলি জানিবলৈ দিছিল। আনহাতে, সামাজিক মাধ্যম ফেচবুকত পলাশ চাংমাইয়ে দিয়া এটাৰ পোষ্টৰ পাছতে পুনৰ চৰ্চা হৈছে জাতীয়তাবাদী নেতাগৰাকীৰ নাম। তেখেতে উল্লেখ কৰিছে যে, “অচিৰেই লম এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত।ৰাইজৰ আশীৰ্বাদ কামনা কৰিছো।

অসম প্ৰথম সদায় আৰু চিৰদিন৷” এই ফেচবুক পোষ্টটোৰ পাছতে এতিয়া দুই-এদিনতে যে পলাশ চাংমাই অসম জাতীয় পৰিষদত যোগদান কৰিব সেই কথা স্পষ্ট হৈ পৰিছে। আনহাতে টেলিফোনিক বাৰ্তালাপতো এই কথা জনাই ইতিবাচক ইংগিত দিছে নেতা গৰাকীয়ে।
অসম জাতীয় পৰিষদত যোগদান কৰি সোণাৰি সমষ্টিৰ পৰা এইবাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাতো নিশ্চিত হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক গৰাকীৰ। মন কৰিবলগীয়া যে কিছুদিন পূৰ্বে মাহমৰা বিধানসভা সমষ্টিৰ জজলী পাঁচআলিত অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ জাতীয় জাগৰণ সমাৰোহত পলাশ চাংমাইৰ পিতৃয়ে দলটোত যোগদান কৰাৰ পাছতে এনে এক ইংগিত বহন কৰিছিল।