মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / আক্ৰমণ চলিছে কিন্তু চাইবাৰ

আক্ৰমণ চলিছে কিন্তু চাইবাৰ

চীনে চলাইছে ভাৰতত আক্ৰমণ

নতুন দিল্লী,১ মাৰ্চ : বিগত প্ৰায় ৮মাহ ধৰি চলি অহা চীন-ভাৰতৰ সীমা বিবাদ সংক্ৰান্তীয় সামৰিক উত্তেজনা সদ্যহতে শাম কাটিছে যদিও চীন চৰকাৰৰ দ্বাৰা ভাৰতৰ বিৰূদ্ধে আৰম্ভ কৰা চাইবাৰ যুদ্ধৰ আন কিছুমান উদ্দেগজনক তথ্য সদ্যহতে পোহৰলৈ আহিছে ৷ চীন চৰকাৰৰ পৃষ্ঠপোষকতা লাভ কৰা কেইবাটাও চাইবাৰ গুপ্তচৰ সংস্থাই ইতিমধ্যে ভাৰতৰ কেইবাটাও অত্যন্ত গুৰুত্বপূৰ্ণ বিভাগত কম্পিউটাৰ ভাইৰাছৰ যোগেদি আক্ৰমণ কৰিছে ৷ বিগত বছৰত দুই দেশৰ সৈন্যবাহিনীৰ মাজত গালৱান অঞ্চলত হতাহতি হোৱাৰ কেইদিনমানৰ ভিতৰতে ভাৰতৰ বাণিজ্যিক ৰাজধানী মুম্বাইত এক অত্যন্ত অপ্ৰত্যাশিত গোটেই দিন ধৰি বিদ্যুত কৰ্তন হৈছিল ৷ সচৰাচৰ বিদ্যুত কৰ্তনতকৈ এই ঘটনাটো সম্পূৰ্ণ পৃথক আছিল যিহেতু এই বিদ্যুতৰ যোগান কিয় ইমান দীঘলীয়া সময় ধৰি ব্যাহত হৈ আছিল,তাৰ প্ৰকৃত কাৰণ বিদ্যুত বিভাগৰ কৰ্মচাৰী বা অভিযন্তা সকলেও বিচাৰি পোৱা নাছিল ৷

আনহাতে, কেইদিনমানৰ আগত ভাৰতীয় শ্বেয়াৰ বজাৰৰ মুখ্য এক্সচেঞ্জ নেচনেল ষ্টক একচেঞ্জৰ এক অত্যন্ত বিৰল কেইবাঘণ্টা জোৰা যান্ত্ৰিক বিজুতি ঘটিছিল যাৰ বাবে শ্বেয়াৰ বজাৰৰ লেনদেন কেইবাঘণ্টা ধৰি বন্ধ ৰাখিবলগীয়া হৈছিল ৷ শ্বেয়াৰ বজাৰৰ এই বিৰল তথা অত্যন্ত অপ্ৰত্যাশিত যান্ত্ৰিক বিজুতিৰ বাবে দেশী-বিদেশী বিনিয়োগকাৰী সকলৰ বৃহৎ লোকচান হয় ৷ এই দুই ঘটনা সচৰাচৰ ঘটনা নাছিল বুলি আমেৰিকা যুক্তৰাষ্ট্ৰ তথা ভাৰত চৰকাৰৰ বিভিন্ন সংস্থা সদ্যহতে পতিয়ন গৈছে ৷ ভাৰতক বিশ্বৰ আগত অপদস্থ কৰিবলৈ তথা এক সকীয়নি প্ৰদান কৰিবলৈ চীন চৰকাৰৰ আৰ্শীবাদপুষ্ট সংস্থাটোৱে উক্ত চাইবাৰ আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল বুলি ভাৰত চৰকাৰ পতিয়ন গৈছে ৷ আনহাতে মুম্বাই মহানগৰীৰ বিদ্যুতৰ যোগান ব্যাহত কৰা চাইবাৰ আক্ৰমণৰ সমান্তৰালভাৱে ভাৰতৰ আন কেইখনমান মহানগৰী তথা গুৰুত্বপূৰ্ণ বিভাগৰ বিদ্যুত যোগান ব্যাহত কৰিবলৈ চীনা চৰকাৰৰ আন কিছু প্ৰচেষ্টাৰো সম্ভেদ পোৱা গৈছে ৷ গতিকে আগন্তুক দিনত দুই দেশৰ মাজত সীমান্তৰ সামৰিক উত্তেজনা শাম কাটিলেও চাইবাৰ ক্ষেত্ৰত যে আক্ৰমণ-প্ৰত্যাক্ৰমণৰ এক নতুন অধ্যায় আৰম্ভ হৈছে,সেইটো ধূৰূপ ৷