সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / ছুইজাৰলেণ্ড নহয়,লালুংগাৱঁত বৰফৰ পাহাৰ

ছুইজাৰলেণ্ড নহয়,লালুংগাৱঁত বৰফৰ পাহাৰ

শুকুলা বৰফত খোজ দিওঁ আহক

গুৱাহাটী,১ মাৰ্চ : বৰফত খোজ কৰাৰ অথবা বৰফত স্কেটিং কৰাৰ চখ যদি কাৰোবাৰ আছে,এতিয়া আৰু আন কোনো ঠাইলৈ যাব নালাগে ৷ গুৱাহাটীৰ লালুং গাঁৱত আজি মুকলি হৈছে এখন বৰফৰ পাৰ্ক ৷ মহানগৰীৰ কংক্ৰিটৰ মাজত এখন বৰফৰ পাৰ্ক ,সঁচাকৈয়ে এক মনোমোহা পৰিৱেশ ৷ ফ্ৰজেন প্লেনেটে মুকলি কৰিছে এই স্কেটিং ৰিংক ৷ ২০১৯চনৰ ১৫ ছেপ্তেম্বৰতে এই পাৰ্কখন বিশ্বমানৰ প্ৰযুক্তিৰ সহায় লৈ মুকলি কৰা হৈছিল ৷ ইয়াত কেফটেৰিয়া,ছান্তা,ঈগলু,স্ন’হাউছ,হিমপাত আদি সকলো উপলব্ধ ৷ ফ্ৰজেন প্লেনেট এতিয়া উত্তৰ পূৰ্বাঞ্চলৰে নহয় সমগ্ৰ বিশ্বৰে আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে ৷ ২০১৯ চনত মুকলি কৰাৰ পিছতে ভূটান,বাংলাদেশ,নেপালৰ পৰ্যটকো আহি ভিৰ কৰিছিলহি এই প্লেনেটত৷বিগত বৰ্ষত লকডাউনৰ বাবে এই পাৰ্কখন বন্ধ ৰখা হৈছিল ৷ সকলো ক’ভিড নীতি নিয়ম মানি এইবাৰ পুনৰ মুকলি কৰিছে এই পাৰ্কখন ৷ ছুইজাৰলেণ্ড অথবা কাশ্মীৰলৈ নোযোৱাকৈয়ে মহানগৰীৰ জনসাধাৰণক এক অনবদ্য অভিজ্ঞতাৰে মানসিকভাৱে জীপাল কৰিব বিচৰিছে ফ্ৰজেন প্লেনেটে ৷