বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / প্ৰিয়ংকা অসমত

প্ৰিয়ংকা অসমত

এইবাৰ বোলে অস্তিত্ব ৰক্ষাৰ নিৰ্বাচন

গুৱাহাটী,১মাৰ্চ : কংগ্ৰেছ দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধী আজি অসমত উপস্থিত হৈছেহি ৷ কালি ৭ টা দলৰ মহাজোঁটত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফে যোগদান কৰাৰ পিছতেই প্ৰিয়ংকা গান্ধীৰ এই ভ্ৰমণ যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷ আজি গুৱাহাটীত উপস্থিত হৈয়ে প্ৰিয়ংকাই কামাখ্যা মন্দিৰ দৰ্শন কৰে ৷ অসম কংগ্ৰেছৰ মেডিয়া কোষৰ মূৰব্বী ববিতা শৰ্মাই কয়“ নেত্ৰীগৰাকীয়ে এই সময়ছোৱাত  কেইবাটাও জাতি জনগোষ্ঠীৰ লোকৰ লগত মিলিত হ’ব ৷ তদুপৰি তেজপুৰত ৰাজহুৱা সভাত অংশ ল’ব তেওঁ ৷ ”

তদুপৰি ৰাজ্যৰ নিবনুৱা যুৱক যুৱতী আৰু চাহ শ্ৰমিকৰ লগত মিলিত হ’ব প্ৰিয়ংকা গান্ধী ৷ নাৰায়ণপুৰৰ এক জনসভাত অংশ লৈ প্ৰিয়ংকা গান্ধীয়ে কয়“এইয়া হ’ল  অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ নিৰ্বাচন ৷ এই নিৰ্বাচনত মহাজোঁটে ১০১ খন আসন লাভ কৰিব ৷ ”উল্লেখযোগ্য যে ১২৬ খন বিধানসভা আসনৰ বাবে অসমত ৩টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ ২৭ মাৰ্চ,১আৰু ৬ এপ্ৰিলত এই নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ ”