সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / বেয়া ৰাস্তা আৰু নাথাকিব !

বেয়া ৰাস্তা আৰু নাথাকিব !

অজুহাত দিব নোৱাৰিব

নতুন দিল্লী,১ফ্ৰেবুৱাৰী : ৰাষ্ট্ৰীয় ঘাইপথৰ মানদণ্ড উন্নত তথা খৰতকীয়া নিৰ্মাণৰ বাবে ভাৰত চৰকাৰে এসময়ত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ গঠন কৰিছিল ৷ কিন্তু ৰাষ্ট্ৰীয় ঘাইপথৰ পয়াঁলগা অৱস্থাৰ বাবে মূলতঃ এতিয়া প্ৰাধিকৰণকে দোষাৰোপ কৰা হয় ৷ সময়মতে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ তথা মেৰামতি নকৰাৰ বাবে সাধাৰণ ৰাইজে যমৰ যাতনা ভোগাৰ লগতে দেশৰ অৰ্থনীতিতো ব্যাপক বিৰূপ প্ৰভাৱ পৰে ৷ তাৰোপৰি নিৰ্দিষ্ট সময়তকৈ বহু পলমকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা বাবে চৰকাৰে যথেষ্ট সংখ্যক অতিৰিক্ত পুঁজি ব্যয় কৰিবলগীয়া হয় ৷

গতিকে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ আমূল সংস্কাৰৰ অতীব প্ৰয়োজন আছে বুলি বিভিন্ন বিশেষজ্ঞমহলে পৰামৰ্শ দি আহিছিল ৷ এই পৰামৰ্শ তথা তীব্ৰ সমালোচনাৰ সন্মুখীন হৈ এতিয়া ৰাষ্ট্ৰীয় ঘাইপথ তথা পথ পৰিবহন দপ্তৰৰ মন্ত্ৰী নীতিন গাদকাৰীৰ নেতৃত্বাধীন NHAI কিছু কঠোৰ সিদ্ধান্ত লৈছে ৷ এই সিদ্ধান্ত অনুসৰি প্ৰত্যেক বছৰে বৰ্তমানৰ ৪০০০কিলোমিটাৰৰ পৰিৱৰ্তে প্ৰতিষ্ঠানটোৱে অন্ততঃ ৫০০০ কিলোমিটাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিবই লাগিব ৷

দ্বিতীয়তে, সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহৰ অধীনস্থ বিভিন্ন বিভাগ যেনে ভূমি,ৰাজহ,বনবিভাগ আদি বিভাগৰ পৰা প্ৰয়োজনীয় অনুমতি সময়মতে আদায় কৰিবলৈ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰ সমূহৰ প্ৰতিনিধিৰে এক উচ্চ ক্ষমতা সম্পন্ন গোট গঠন কৰা হ’ব ৷ এই গোটে ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য যাতে নিৰ্দিষ্ট সময় তথা আবন্টিত পুঁজিৰ ভিতৰতেই সম্পূৰ্ণ কৰিব পাৰে ,সেইবিষয়ে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধীনস্থ সকলো বিভাগৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলিব ৷ আশা কৰা হৈছে যে উক্ত নতুন ব্যৱস্থা সমূহৰ ফলস্বৰূপে দেশত লেহেমীয়া গতিৰে ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য চলা দৃশ্য অতীত হ’ব ৷