দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / মোডীয়ে ল’লে প্ৰতিষেধক

মোডীয়ে ল’লে প্ৰতিষেধক

সকলোকে ল’বলৈ আহ্বান জনাইছে

নতুন দিল্লী,১মাৰ্চ : আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানত ক’ভিড ভেকচিন ল’লে ৷ আজিৰ পৰা সমগ্ৰ দেশত দ্বিতীয় পৰ্যায়ৰ প্ৰতিষেধক অৰ্থাৎ ভেকচিন প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছে ৷ “মই আজি ভেকচিন গ্ৰহণ কৰিলোঁ ৷ আমাৰ বিজ্ঞানী তথা চিকিৎসকসকলে অশেষ যত্ন  কৰি এই প্ৰতিষেধক আৱিষ্কাৰ কৰিলে ৷ আমি দেশৰ পৰা এই মহামাৰী আঁতৰ কৰিব লাগিব ৷ সেয়ে যিসকল এই প্ৰতিষেধক লোৱাৰ বাবে সুস্থ সেই সকল লোকে এই প্ৰতিষেধক গ্ৰহণ কৰা উচিত ৷ “৬০ বছৰ উৰ্ধৰ আৰুু যিসকল ৪৫ বয়সৰ উৰ্ধৰ লোক আন ৰোগতো আক্ৰান্ত তেওঁলোকক এই প্ৰতিষেধক প্ৰদান কৰা হ’ব ৷ আনহাতে,প্ৰতিষেধক প্ৰদানৰ বাবে ক’উইন ২ পৰ্টেলৰ জৰিয়তে পঞ্জীয়ন আজি পুৱা ৯ বজাত আৰম্ভ হৈছে ৷ ২০২২ বৰ্ষৰ ১ জানুৱাৰীত ৬০ বছৰ হ’ব লগীয়া ব্যক্তিয়েও এই প্ৰতিষেধক গ্ৰহণৰ বাবে পঞ্জীয়ন কৰিব পাৰিব ৷