শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / লুৰিণ-অখিল আকৌ বহিল

লুৰিণ-অখিল আকৌ বহিল

নিৰ্বাচনী ৰণকৌশল তৈয়াৰ কৰিলে আজি

গুৱাহাটী,১মাৰ্চ : ৰাইজৰ দলৰ কাৰাৰুদ্ধ সভাপতি অখিল গগৈক আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সাক্ষাৎ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷ দুঘণ্টীয়া এই বৈঠকত ঘাইকৈ দুয়োটা দলৰ আসন ভাগবটোৱাৰা আৰু প্ৰাৰ্থী সম্পৰ্কত আলোচনা হয় ৷ বৈঠকৰ অন্তত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয়“ আমি খুব সোনকালেই আমাৰ সিন্ধান্ত ৰাজহুৱা কৰিম ৷ যি হ’ব ভাল হ’ব আৰু অসমৰ ৰাইজে এখন জাতীয়তাবাদী চৰকাৰ এই নিৰ্বাচনৰ পিছতে লাভ কৰিব ৷ ”আনহাতে,ৰাইজৰ দলৰ নেতা ভাস্কোডি শইকীয়াই কয়“ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ ঐক্যমঞ্চক ৰাইজে সহায় কৰক ৷ অতি শীঘ্ৰে আমি আমাৰ মাজৰ আলোচনাৰ বিষয়বস্তু সকলো ৰাজহুৱা কৰিম ৷ ”