বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / এটি কলি দুটি পাত,সাধৰু বাগিচাত…

এটি কলি দুটি পাত,সাধৰু বাগিচাত…

ভোটৰ আশাত পাতো ছিঙিলে প্ৰিয়ংকাই

গুৱাহাটী,২ মাৰ্চ : কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণৰ দ্বিতীয় দিনটোত তেওঁ সাধৰু চাহ বাগিচাৰ পাত টোকাত ব্যস্ত থকা মহিলাসকলৰ লগত বাৰ্তালাপত মিলিত হোৱাৰ ওপৰিও তেওঁলোকৰ লগত চাহগছৰ পাতো ছিঙে ৷ চাহবাগিছাৰ মহিলাসকলৰ লগত একেলগে কথা বতৰা পাতি যথেষ্ট সময় পাৰ কৰাৰ পিছত তেওঁ কয়“ চাহবাগিছাৰ মহিলাসকলৰ জীৱন সততা আৰু সৰলতাৰে ভৰা ৷ মই কেতিয়াও তেওঁলোকৰ মৰম-স্নেহ পাহৰিব নোৱাৰিম ৷ আজি মই তেওঁলোকৰ লগত বহি তেওঁলোকৰ অভাৱ ,অভিযোগ,জীৱন ধাৰণৰ প্ৰণালী আদিৰ বিষয়ে জানিলোঁ ৷ ”উল্লেখযোগ্য যে কংগ্ৰেছ নেত্ৰীগৰাকীৰ আজি অসমত দ্বিতীয়টো দিন৷কালি পুৱা গুৱাহাটীৰ কামাখ্যা মন্দিৰত পূজা অৰ্চনা আগবঢ়াই তেওঁ এই যাত্ৰাৰ শুভাৰম্ভ কৰিছিল ৷ ইয়াৰ পিছত তেওঁ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীলৈয়ো যায় আৰু গহপুৰত কনকলতাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷অহা ২৭ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰিয়ংকা গান্ধীৰ এই ভ্ৰমণ ৷ এই ভ্ৰমণৰ সময়চোৱাত তেওঁ গুৱাহাটী,লক্ষীমপুৰ,বিশ্বনাথ চাৰিআলি আৰু শোনিতপুৰ জিলাত প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া সমষ্টিবোৰক লক্ষ্য কৰি লৈছে ৷