বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / চীনক চিনা টান

চীনক চিনা টান

ব্ৰহ্মপুত্ৰৰ পানী দূষিত হোৱাৰ কাৰণ চীন

গুৱাহাটী,২মাৰ্চ : ভাৰত আৰু চীন দেশৰ মাজত ১৯৫৫ চন মানলৈ পোনপটীয়াকৈ সীমা নাছিল ৷ ইয়াৰ কাৰণ হ’ল এই দুই দেশৰ মাজত থকা এসময়ৰ সম্পূৰ্ণ স্বাধীন দেশ তিব্বত ৷ তিব্বত আৰু ভাৰতৰ মাজত সুদীৰ্ঘ ২৪০০ কিলোমিটাৰ ব্যাপী থকা সীমান্তত কেতিয়াও ৰক্তক্ষয়ী সংঘৰ্ষ হোৱা নাছিল ৷ কিন্তু ১৯৫০ চনত চলে বলে কৌশলে চীন দেশে তিব্বত অধিকাৰ কৰাৰ পাছত এহাতে যেনেকৈ তিব্বতীয় সকল নিজৰ দেশতে পৰাধীন হ’বলগীয়া হ’ল ,আনহাতে ভাৰত-চীনৰ মাজত সামৰিক উত্তেজনাও বৃদ্ধি পালে ৷

ফলস্বৰূপেই ১৯৬২ চনত ভাৰত-চীনৰ মাজত সীমান্তত যুদ্ধ পৰ্যন্ত হ’ল ৷ উল্লেখযোগ্য যে ১৯৫০ দশকৰ পৰাই স্বাধীনচিতীয়া তিব্বতীয় সকলে ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তত আশ্ৰয় লোৱাই নহয়,নিৰ্বাসিত চৰকাৰো গঠন কৰি তিব্বতৰ স্বাধীনতাৰ হকে বিশ্বজুৰি সজাগতা সৃষ্টি কৰি আহিছে ৷ এনে এক উদ্দেশ্যৰেই নিৰ্বাসিত তিব্বতীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী ছিকচং লবচং চাংগে গুৱাহাটীত আহি উপস্থিত হৈছে ৷ গুৱাহাটীৰ অসম সাহিত্য সভা ভৱনত এক সংবাদমেল সম্বোধন কৰি তিব্বতীয় নেতাজনে কয় যে তিব্বতৰ পৰা ১১ খন প্ৰধান নদী   বিভিন্ন দেশলৈ বৈ গৈছে ৷

আনকি অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ ৪০% জলধাৰাৰ উৎপত্তিস্থল তিব্বত বুলি তেওঁ মন্তব্য কৰে ৷ কিন্তু চীন দেশৰ দ্বাৰা অধিকৃত তিব্বতত চলোৱা বিভিন্ন কাৰ্যৰ বাবে ব্ৰহ্মপুত্ৰকে ধৰি ১১ নদীৰ জলধাৰা দূষিত হৈ নদীৰ কাষৰ সভ্যতালৈ বিপদ আনিছে বুলিও তেওঁ শংকা ব্যক্ত কৰে ৷ তিব্বতৰ স্বাধীনতাৰ বিষয়টোত আগন্তুক দিনত বিশ্ববাসীয়ে অধিক গুৰুত্ব আৰোপ কৰিলেহে চীনৰ দ্বাৰা নদীসমূহ প্ৰদুষিত কৰা কাৰ্য ৰোধ কৰিব পৰা যাব বুলিও তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে ৷