শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / বাঁহীৰ সুৰে আৰু ‘আমনি’ নকৰে

বাঁহীৰ সুৰে আৰু ‘আমনি’ নকৰে

বিশিষ্ট বাঁহীবাদক প্ৰভাত শৰ্মা আৰু নাই

গুৱাহাটী,২মাৰ্চ : অসমৰ সাংস্কৃতিক জগতৰ এক ভোটাতৰা লোকসংস্কৃতিৰ জনক,আজন্ম বাঁহীবাদক প্ৰভাত শৰ্মাই আজি পুৱাই নিজ বাসগৃহত ইহলীলা সম্বৰণ কৰে ৷ ১৯৩৫ চনত বৰপেটাৰ সুন্দৰীদিয়াত জন্ম হৈছিল শৰ্মাৰ ৷ থলুৱা শিল্পীসকলক লৈ তেওঁ এটা সুৰ সমলয়ৰ জন্ম দিছিল ৷ ‘পাঞ্চজন্য’ নামৰ সুৰ সাংস্কৃতিক গোষ্ঠীৰ জন্মদাতা আছিল তেওঁ ৷ সিচঁৰতি হৈ থকা অথচ উপেক্ষিত তথা অৱহেলিত শিল্পী সকলক লৈ জন্ম দিয়া এই পাঞ্চজন্যক তেওঁ পিছলৈ ‘দেৱগান্ধাৰ’ নাম দিয়ে ৷ ১৯৭৩ চনৰ ৭ জলাইত আকাশবাণী গুৱাহাটীত তেওঁ যোগদান কৰিছিল আৰু ১৯৯৮ চনত অৱসৰ গ্ৰহণ কৰিছিল ৷ তেওঁ বৰগীত,লোকগীতৰ চৰ্চা মৃত্যু পৰ্যন্ত অব্যাহত ৰাখিছিল ৷ অসমৰ লোকসংস্কৃতিৰ ওপৰত তেওঁৰ আছিল সীমাহীন জ্ঞান ৷ ২০০৪ চনত সাহিত্য অকাডেমীৰ বটাৰে সন্মানিত কৰা হৈছিল তেওঁক ৷ কেইবাখনো অসমীয়া চলচ্চিত্ৰ আৰু ধাৰাবাহিকৰ সংগীত নিৰ্দেশক আছিল প্ৰয়াত প্ৰভাত শৰ্মা ৷ মৃত্যুৰ সময়ত তেওঁ তেওঁৰ পত্নী আৰু তিনিগৰাকী কন্যাক এৰি থৈ গৈছে ৷ গায়িকা তথা সংগীত নিৰ্দেশক তৰালী শৰ্মাৰ পিতৃ আছিল তেওঁ ৷