বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / চৰাইদেউ সাজু

চৰাইদেউ সাজু

পোষ্টেল বেলটৰো ব্যৱস্থা চৰাইদেউত

চৰাইদেউ, ৩ মাৰ্চ : ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰাৰ লগে লগে সুকলমে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ তৎপৰ হৈ পৰিছে চৰাইদেউ জিলা প্ৰশাসন। এই সন্দৰ্ভত ইতিমধ্যে চৰাইদেউ জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া পলাশ ৰঞ্জন ঘৰফলীয়াই সদৰী কৰিছে নিৰ্বাচনৰ বিধি সম্পৰ্কীয় তথ্য। আনহাতে,  অসম-নগালেণ্ড তথা অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ স্পৰ্শকাতৰ অঞ্চল হিচাপে বিবেচিত জিলাখনত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চুবুৰীয়া ৰাজ্য দুখনৰ লগত যোগাযোগ অব্যাহত ৰাখিছে চৰাইদেউ জিলা প্ৰশাসনে। জিলা নিৰ্বাচনী বিষয়া গৰাকীয়ে জনোৱা অনুসৰি নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত জিলাখনত যাতে অবৈধ ধনৰ সৰবৰাহ নহয় তাৰ প্ৰতিও বিশেষ নজৰ ৰাখিছে জিলা প্ৰশাসনে।

জিলাখনত ৯ টা  ফ্লায়িং স্কোৱাড টীমে আৰক্ষীৰ সহযোগত বিভিন্ন ঠাইত তালাচী অব্যাহত ৰাখিছে। আনহাতে, নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি জিলাখনত পোষ্টেল বেলট যোগে ভোট গ্ৰহণৰ বাবেও বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে চৰাইদেউ জিলা নিৰ্বাচন বিভাগে। ৩,১২,৫৩৮ গৰাকী ভোটাৰ থকা জিলাখনৰ দুটা বিধানসভা সমষ্টি সোণাৰি আৰু মাহমৰাত ২৭ মাৰ্চত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। ১০৬ নং সোণাৰি বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১,৭৬,৪৬৯ গৰাকী । আনহাতে, মাহমৰাত মুঠ ভোটাৰৰ সংখ্যা ১,৩৬,০৬৯ গৰাকী। জিলাখনত ৪৭৩ টা ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰিব চৰাইদেউ জিলা প্ৰশাসনে। ইয়াৰে ২৬৭ টা সোণাৰিত আৰু ২০৬ টা ভোট গ্ৰহণ কেন্দ্ৰ আছে মাহমৰা বিধানসভা সমষ্টিত। ২২৭২ গৰাকী বিষয়াই নিৰ্বাচনী দায়িত্ব পালন কৰিবলগীয়া জিলাখনত কোনো ধৰণৰ ‘ডি’ ভোটাৰ নাই আৰু জিলাখনত ১৭৮২ জন বিশেষ ভাৱে সক্ষম ভোটাৰৰ লগতে ৩১৯৮ গৰাকী আশী বছৰ ঊৰ্ধৰ ভোটাৰ আছে।

এইসকল ভোটাৰে প্ৰয়োজন অনুসৰি পোষ্টেল বেলটৰ সুবিধা গ্ৰহণ কৰিব পাৰে বুলি জানিবলৈ দিছে চৰাইদেউ জিলাৰ নিৰ্বাচনী বিষয়াগৰাকীয়ে। উল্লেখ্য যে, ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰথম বাৰৰ বাবে প্ৰৱৰ্তন কৰা বয়োজেষ্ঠ, ক’ভিড ৰোগী আৰু বিশেষভাৱে সক্ষম লোকৰ প’ষ্টেল বেলট সন্দৰ্ভত চৰাইদেউ জিলাৰ উপায়ুক্তই মঙ্গলবাৰে সন্ধিয়া এক সংবাদ মেল সম্বোধন কৰে। জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদ মেলত উপায়ুক্ত গৰাকীয়ে এই সমূহ পষ্টেল বেলট সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰি উক্ত ব্যৱস্থা সমূহত পৰা লোক সকলক এই বিশেষ বেলটৰ সুবিধা লবলৈ আহবান জনায়।

আশী বছৰৰ উৰ্ধৰ বয়োজেষ্ঠ সকলৰ লগতে বিশেষ ভাৱে সক্ষম লোক সকলে  নিজ নিজ অঞ্চলৰ বিএলঅ সকলৰ সৈতে যোগাযোগ কৰি প’ষ্টেল বেলটৰ সুবিধা লাভ কৰিব পাৰে।প’ষ্টেল বেলটৰ বাবে আৱেদন কৰা লোক সকলক নিৰ্বাচন কাৰ্যালয়ৰ তৰফৰ পৰা ঘৰতে নিয়মানুসৰি ভোট গ্ৰহণৰ ব্যৱস্থা কৰিব। সেইদৰে ক’ভিড ৰোগত আক্ৰান্ত সকলকো প্ৰতিৰক্ষামূলক পিপিই কিট পৰিধান কৰি নিৰ্বাচনী কাৰ্যালয়ে ভোট গ্ৰহণৰ ব্যৱস্থা কৰিব। উল্লেখযোগ্য যে এবাৰ প’ষ্টেল বেলটৰ বাবে আৱেদন কৰা ব্যক্তিয়ে ভোট গ্ৰহণ কেন্দ্ৰত ভোট প্ৰদান কৰিব নোৱাৰিব বুলি জানিবলৈ দিছে সংবাদমেলত।