সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / পেট্ৰলৰ দাম বাঢ়ক ,কথা নাই

পেট্ৰলৰ দাম বাঢ়ক ,কথা নাই

শীঘ্ৰেই টাটাৰ বিদ্যুত চালিত বাহন

নতুন দিল্লী ,৩মাৰ্চ : বিগত মাহকেইটাত পেট্ৰল,ডিজেলৰ বৰ্ধিত মুল্যবৃদ্ধিয়ে বাহনৰ গৰাকীৰ লগতে সাধাৰণ ৰাইজকো ভালকৈয়ে জ্বলাকলা খওৱাৰ সময়তে একাংশ লোকে বিকল্প কিন্তু সস্তীয়া ইন্ধনৰ কথা চিন্তা কৰিবলৈ বাধ্য হৈছে ৷ বিশেষকৈ কম্পপ্ৰেছ নেছাৰেল গেছৰ দ্বাৰা চালিত বাহনৰ বিগত মাহকেইটাত উল্লেখনীয় ভাৱে বিক্ৰী হোৱা পৰিলক্ষিত হৈছে ৷ এনে বিকল্প ইন্ধন পেট্ৰ’ল,ডিজেলৰ তুলনাত যথেষ্ট কম মূল্যৰ হোৱাৰ ওপৰিও পৰিবেশ প্ৰদূষণ নিয়ন্ত্ৰণ কৰাত যথেষ্ট সহায় কৰে ৷ আনহাতে ,একে সময়তে বিদ্যুত শক্তি চালিত বাহনৰ আকৰ্ষণো বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ কিন্তু সমগ্ৰ বিশ্বজুৰি সদ্যহতে একমাত্ৰ নিৰ্ভৰযোগ্য বিদ্যুত শক্তি চালিত বাহন হৈছে টেচলা প্ৰতিষ্ঠানৰ বাহন ৷

ইংলেণ্ডস্থিত এই প্ৰখ্যাত প্ৰতিষ্ঠানৰ বাহনসমূহ সচৰাচৰ পেট্ৰল,ডিজেল চালিত বাহনৰ তুলনাত মূল্য যথেষ্ট বেছি হোৱাৰ বিপৰীতে ইন্ধনৰ ক্ষেত্ৰত যথেষ্ট ৰাহি হয় ৷ টেছলাৰ বিদ্যুত শক্তি চালিত বাহনৰ জনপ্ৰিয়তা পৰ্যালোচনা কৰি টাটা গোটৰ অধীনস্থ জাগুৱাৰ লেণ্ড ৰ’ভাৰ প্ৰতিষ্ঠানেও ভাৰতত জাগুৱাৰ আই পেচ নামৰ বিদ্যুত শক্তি চালিত বাহন গ্ৰাহকৰ বাবে মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ উল্লেখযোগ্য আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰখ্যাত ফৰ্ড প্ৰতিষ্ঠানৰ মালিকানাধীন জাগুৱাৰ লেণ্ড ৰ’ভাৰক ২০০৮ বৰ্ষত টাটা মটৰচে ক্ৰয় কৰিছিল ৷

লণ্ডনস্থিত জাগুৱাৰ লেণ্ড ৰ’ভাৰ প্ৰতিষ্ঠানৰ বাহনসমূূহ তুলনামূলকভাৱে যথেষ্ট মূল্যৰ হোৱা স্বত্বেও গ্ৰাহকৰ মাজত বহুলাংশে জনপ্ৰিয় ৷ গতিকে আগন্তুক দিনত ৰতন টাটাৰ নেতৃত্বাধীন টাটা গোটৰ বিদ্যুৎ শক্তি চালিত বাহনে যে টেছলা প্ৰতিষ্ঠানৰ বাহনসমূহক বজাৰ দখলৰ ক্ষেত্ৰত তীব্ৰ প্ৰত্যাহ্বান জনাব,সেইটো নিশ্চিত ৷ উল্লেখযোগ্য যে জাগুৱাৰ আই পেচৰ বজাৰত পদাৰ্পণৰ আগতে টাটা গোটে ইতিমধ্যেই দেশৰ ১৯ মহানগৰীত এই বাহনসমূহৰ বাবে বিদ্যুৎ যোগান ধৰিবলৈ কেন্দ্ৰ স্থাপন কৰিছে ৷ তাৰোপৰি টাটা পাৱাৰ প্ৰতিষ্ঠানৰ প্ৰায় ২০০টা বেটাৰীত বিদ্যুৎ যোগান ধৰা কেন্দ্ৰতো এই জাগুৱাৰ আই পেচ বাহনসমূহে বিদ্যুৎ শক্তিৰ দ্বাৰা নিজৰ বেটেৰিসমূহ চাৰ্জ কৰিব পাৰিব ৷