বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / বতৰ বেয়া,ঋণ ঘূৰাই নাপাব

বতৰ বেয়া,ঋণ ঘূৰাই নাপাব

পৰিবেশৰ বিৰূপ প্ৰভাৱৰ ফলত ৬.১৯ লাখ কোটিৰ ঋণ ঘূৰাই নোপোৱাৰ আশংকা

নতুন দিল্লী ৩মাৰ্চ : ভাৰতৰ মূলতঃ ৰাজহুৱা খণ্ডৰ তথা কিছু সংখ্যক ব্যক্তিগত খণ্ডৰ বেংক প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰদান কৰা ঋণ বছৰ বছৰ ধৰি অনাদেয় হৈ থকাৰ কথা নতুন নহয় ৷ বিশেষকৈ শক্তি,ঘাইপথ নিৰ্মাণ,গৃহ নিৰ্মাণ,চিমেণ্ট আদি প্ৰতিষ্ঠানক প্ৰদান কৰা হাজাৰ হাজাৰ কোটি টকাৰ ঋণ উক্ত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে বছৰ বছৰ ধৰি বেংক কৰ্তৃপক্ষক ঘূৰাবলৈ অসমৰ্থ হোৱাত বহু বেংকৰ বিত্তীয় অৱস্থা শোচনীয় হৈ পৰিছে ৷ এনে বৃ্‌হৎ সংখ্যক অনাদেয় বেংক ঋণে যে অকল সংশ্লিষ্ট বেংকসমূহকে ক্ষতি কৰিছে ,তেনে নহয়, দেশৰ সামগ্ৰিক অৰ্থনীতিতো এই অনাদেয় ঋণসমূহে বিৰূপ প্ৰভাৱ পেলাইছে ৷ আনহাতে, এক শেহতীয়া গৱেষণাত প্ৰকাশ পাইছে যে বানপানী,খৰাং বতৰ,গোলকীয় উষ্ণতা বৃদ্ধি আদি বতৰ সংক্ৰান্তীয় কাৰকৰ বাবে ভাৰতৰ বেংক সমূহৰ প্ৰায় ৬.১৯ লাখ কোটি মূল্যৰ বৃহৎ ঋণ আগন্তুক দিনত অনাদেয় হ’ব পাৰে ৷

উল্লেখযোগ্য যে বতৰ বা জলবায়ু সংক্ৰান্তীয় কাৰকৰ বাবে ৰাজহুৱা তথা ব্যক্তিগত খণ্ডৰ বেংক প্ৰতিষ্ঠানৰ দ্বাৰা বিভিন্ন বাণিজ্যিক গোটক প্ৰদান কৰা ঋণ কেনেকৈ বা কিমান পৰিমাণে ক্ষতিগ্ৰস্ত হ’ব পাৰে,তেনে গৱেষণা এইবাৰেই প্ৰথম ৷ গতিকে স্বাভাৱিকতেই এই বৃহৎ অংকই এতিয়া ভাৰতীয় ৰিজাৰ্ভ বেংককে ধৰি প্ৰায় সকলো বেংক প্ৰতিষ্ঠানৰ মাজত উৎকণ্ঠাৰ সৃষ্টি কৰিছে ৷ জলবায়ু বা বতৰ সংক্ৰান্তীয় কাৰক যেনে বানপানী,খৰাং বতৰ,গোলকীয় উষ্ণতা বৃদ্ধি আদি কাৰকৰ বাবে বেংক প্ৰতিষ্ঠানৰ পৰা ঋণ লোৱা যথেষ্ট সংখ্যক বাণিজ্যিক প্ৰতিষ্ঠানে সময়মতে নিজৰ প্ৰকল্প সমূহ কাৰ্যক্ষম কৰি তোলাত অসমৰ্থ হ’ব বা সুচাৰুৰূপে পৰিচালনা কৰাত বাধাগ্ৰস্ত হ’ব ৷ ফলস্বৰূপে এই বাণিজ্যিক প্ৰতিষ্ঠানসমূহক প্ৰদান কৰা ঋণ ঘূৰাই পোৱাত জটিলতা আহি পৰিব ৷ গতিকে বতৰ বা জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ যে সচৰাচৰ ভৱাতকৈ যথেষ্ট গভীৰ,শেহতীয়া এই গৱেষণাই ইয়াকেই প্ৰমাণ কৰিছে ৷