বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ভেকচিন ২৪ ঘণ্টাই ল’ব পাৰিব

ভেকচিন ২৪ ঘণ্টাই ল’ব পাৰিব

মহামাৰী নিয়ন্ত্ৰণৰ বাবে লোৱা হৈছে পদক্ষেপ

নতুন দিল্লী,৩ মাৰ্চ : ক’ভিড প্ৰতিষেধক লোৱাৰ বাবে চিকিৎসালয়বোৰে কোনো নিৰ্দিষ্ট সময় ধাৰ্য কৰিব নালাগে ৷ এনে কৰিলে প্ৰতিষেধক প্ৰদানৰ কাম খৰতকীয়া হ’ব আৰু ক’ভিড নিৰাময়ত ই সহায়ক হ’ব ৷ “প্ৰথম অৱস্থাত নিৰ্ধাৰিত সময় উল্লেখ কৰা হৈছিল যদিও এতিয়া সেইয়া উঠাই লোৱা হৈছে আৰু ২৪ ×৭ যিকোনো সময়তে এই ভেকচিন প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে ৷ আমাৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে সময় আৰু স্বাস্থ্য দুয়োটাই সমানেই গুৰত্ব দিয়ে”-এনেদৰে কয় স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্ধনে ৷ সকলো  চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ক ক’উইন এপৰ জৰিয়তে পঞ্জীয়নভুক্ত কৰা হৈছে ৷