দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / নতুন নিৰ্দেশনা পশ্চিম বংগত

নতুন নিৰ্দেশনা পশ্চিম বংগত

কাইলৈ পঞ্চম পৰ্যায়ৰ নিৰ্বাচন

কলকাতা, ১৬ এপ্ৰিল: পশ্চিম বংগত কাইলৈ পঞ্চম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷পশ্চিম বংগৰ মুঠ ২৯৪ টা বিধানসভা সমষ্টিৰ বাবে বিগত ২৬ মাৰ্চৰ পৰা নিৰ্বাচন অনুষ্ঠিত হৈ আছে৷ উল্লেখযোগ্য যে দেশত ভয়ানকভাৱে বৃদ্ধি পোৱা ক’ভিড সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ৭২ ঘণ্টা আগতেই নিৰ্বাচনী প্ৰচাৰ বন্ধ কৰিলে নিৰ্বাচন আয়োগে৷কাইলৈ মুঠ ৪৫ টা সমষ্টিত এই নিৰ্বাচন অনুষ্ঠিত হ’ব৷আজি আয়োগৰ ফালৰ পৰা আন এক নিৰ্দেশনা যোগে জনোৱা হৈছে “ এতিয়াৰ পৰা সন্ধিয়া ৭ বজাৰ পিছৰ পৰা পুৱা ১০ বজালৈ প্ৰচাৰ অভিযান বন্ধ থাকিব ৷তদুপৰি বাকী ৩ টা পৰ্যায়ৰ নিৰ্বাচনৰ বাবেও ৭২ ঘণ্টাৰ আগতেই প্ৰচাৰ সামৰিব লাগিব|