সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / পাটনাত মৃতদেহৰ লানি

পাটনাত মৃতদেহৰ লানি

চৰকাৰ ব্যৰ্থ হৈছে ক’ভিড নিয়ন্ত্ৰণত

পাটনা,১৬ এপ্ৰিল: বিহাৰত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তি সকলৰ আত্মীয়ই অন্তিম সংস্কাৰৰ বাবে অন্তেষ্টিক্ৰিয়াস্থলীত ৩ ঘণ্টাতকৈও অধিক সময় শাৰী পাতিবলগীয়া হৈছে৷তদুপৰি শৱদেহ কঢ়িওৱা বাহন আৰু অন্তেষ্টিক্ৰিয়াৰ লগত জড়িত লোকসকলে মৃতকৰ আত্মীয়ক ২ৰ পৰা ৪ হাজাৰ টকা দাবী কৰি হাৰাশাস্তি কৰি আহিছে৷শাসকীয় দলৰ এজন সক্ৰিয় সদস্যই নিজৰ আত্মীয়ক সৎকাৰ কৰিবলৈ আনি কয় যে চৰকাৰখন ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ লগতে ক’ভিডৰ নামত চলি থকা অবৈধ কাম কাজ নিয়ন্ত্ৰণতো ব্যৰ্থ হৈছে৷

ইফালে বহু সময় ধৰি সৎকাৰৰ বাবে ৰৈ থাকিবলগীয়া অভিযোগটো মানি লৈছে পাটনাৰ জিলা দণ্ডাধীশ চন্দ্ৰশেখৰ ৰায়ে৷আজি তেওঁ পাটনা পৌৰ নিগমক সৎকাৰস্থলীত বৈদ্যুতিক সৎকাৰ জোৰদাৰভাৱে আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে৷বিগত ৩৬ ঘণ্টাত মাত্ৰ এটা বৈদ্যুতিক পদ্ধতিৰ সৎকাৰ মেছিন ব্যৱহাৰ কৰি ৪৩ জন লোকক সৎকাৰ কৰিবলগীয়া হোৱা বাবে বহু সময় ৰ’বলগীয়া হোৱা বুলিও দোহাৰে চন্দ্ৰশেখৰে৷আনহাতে মৃতদেহ সৎকাৰৰ বাবে ধন বিচৰা অভিযোগ সম্পৰ্কত এজন শ্মশানৰ কৰ্মীয়ে কয় “আমি আমাৰ জীৱনটোক বিপদলৈ ঠেলি দি এনে লোকৰ মৃতদেহ জ্বলাই আছোঁ৷এইটো আমাৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান৷আমাৰ বিৰুদ্ধে অভিযোগ দিলেও আমি ভয় নাখাওঁ৷”