সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / বিহুতো গছৰ কথা নাপাহৰিলে পায়েঙে

বিহুতো গছৰ কথা নাপাহৰিলে পায়েঙে

গছ অবিহনে বিহু পাতিব নোবাৰি

নগাঁও, ১৬ এপ্ৰিলঃ নগাঁও চহৰৰ আমোলাপট্টিস্থিত ৰত্নকান্ত বৰকাকতি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত কালিৰে পৰা আৰম্ভ হৈছে ৫৯ সংখ্যক পূৱ নগাঁও ৰঙালী বিহু উৎসৱ। কালি পুৱা বিহু উৎসৱ সমিতিৰ সভাপতি ইন্দ্ৰমোহন বৰাই পতাকা উত্তোলন কৰি বিহু উৎসৱৰ শুভাৰম্ভ কৰে৷ ইয়াৰ পিছতে স্মৃতি তৰ্পন, শ্বহীদ তৰ্পণ আৰু বৃক্ষৰোপন কাৰ্যসূচী সম্পন্ন হয়।

আনহাতে স্কুলীয়া পাঠ্যক্রমত মাতৃভাষাৰ মাধ্যমেৰে ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদানত  গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে বিশ্ব সন্মিলনসমূহত অধিকাংশ ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে নিজ নিজ মাতৃভাষাত বক্তৃতা প্ৰদান কৰা আমি দেখি আহিছোঁ। ইপিনে বিহু উৎসৱৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি  পূৱ নগাঁও ৰঙালী বিহু উৎসৱৰ মুখ্য পৃষ্ঠপোষক তথা বিধায়ক ৰূপক শৰ্মাই ক’ভিড প্ৰট’কল মানি সকলোকে বিহু উৎসৱত অংশ ল’বলৈ আহ্বান জনাই লগতে কয় যে অসমীয়া জাতিৰ আয়ুস ৰেখা বাপতি সাহোন ৰঙালী বিহুটি নাপাতি আমি থাকিব নোৱাৰোঁ।

আনহাতে, বিহুৰ ঢোল, পেপা, গগণাৰ শব্দই  অনাগত দিনবোৰত অসমলৈ সুখ-সমৃদ্ধি কঢ়িয়াই আনিব বুলি তেওঁ আশা প্ৰকাশ কৰে । বিহু উদযাপন সমিতিৰ সভাপতি সীমান্ত বৰাই বিধায়ক ৰূপক শৰ্মাক বিহু সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে । ইপিনে বিহু তলিত বিহুৱা ডেকা-গাভৰুৱে পৰিবেশন কৰা মুকলি বিহুত অংশ লৈ বিধায়ক শৰ্মাই নিজেও ঢোলত চাপৰ দিয়ে । কালি নিশা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। আজি বিহু তলিত মহিলা আৰু যূৱতীৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। উল্লেখ্য, তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই বিহু উৎসৱৰ কাইলৈ সামৰণি পৰিব।

আনহাতে, বিহু উৎসৱখনৰ পৰম্পৰা ৰক্ষা কৰি কালি অঞ্চলটোৰ শতাধিক বৰ্ষীয়ান পুৰুষ-মহিলাক বিহু উৎসৱ সমিতিয়ে একোখনকৈ বিহুৱানেৰে শ্ৰদ্ধা জ্ঞাপন কৰে ।উক্ত অনুষ্ঠানত  বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ‘অৰণ্য মানৱ’ খ্যাত বিশিষ্ট প্ৰকৃতিপ্ৰেমী পদ্মশ্রী যাদৱ পায়েঙে৷ অনুষ্ঠানত অংশ গ্ৰহণ কৰি পায়েঙে কয়“ আমি ভাগ্যৰ বলত প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ অসমত জন্ম গ্রহণ কৰিছোঁ । সেয়ে অসমখনক চিৰসেউজ কৰি ৰখাটো আমাৰ প্ৰতিজন লোকৰ কৰ্তব্য৷” প্ৰসংগক্ৰমে  প্ৰকৃতিৰ ভাৰসাম্যহীনতাৰ বিষয়ে উল্লেখ কৰি বিশিষ্ট প্ৰকৃতিপ্ৰেমী গৰাকীয়ে গছপুলি ৰোপণৰ ওপৰত গুৰুত্ব আৰোপ কৰি লগতে কয় যে গছে পানী সংৰক্ষণ কৰি ৰাখিবলৈ হ’লে আমি গছ – গছনি ৰুই প্ৰকৃতিৰ লগত সম্বন্ধ ৰক্ষা কৰি সুন্দৰ পৃথিৱীখনৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰি চলিব লাগিব।