মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / বিহুতো ৰাজনীতিৰ ‘বচন’ আওৰালে আঙুৰে

বিহুতো ৰাজনীতিৰ ‘বচন’ আওৰালে আঙুৰে

ধিঙত বিহু নাচিলে নিশিতা,আঙুৰ,নয়নে

ধিং,১৬ এপ্ৰিল: “জাতিৰক্ষাৰ বাবে সকলোৱে প্ৰথমে নিজৰ ভেটিটো বচাব লাগিব, যদি ভেটিয়ে নাথাকে তেনেহ’লে জাতি কেনেকৈ ৰক্ষা হ’ব”- আজি ধিং আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰা মুকলি বিহুত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে আঙুৰলতাই।

উল্লেখযোগ্য যে ছাত্ৰ সন্থাই আয়োজন কৰা বিহুত ভাষণ প্ৰদান কৰি কা আন্দোলনৰ ৫গৰাকী শ্বহীদৰ কথা উল্লেখ কৰি আওপকীয়াকৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে ৰাইজক সেই দিনবোৰ পাহৰি নাযাবলৈকো আহ্বান জনাইছিল জ্ঞানশ্ৰী বৰাই। ইয়াৰ পিচতে ভাষণ প্ৰদান কৰি আঙুৰলতাই এই মন্তব্য কৰে।

আঙুৰলতাই লগতে কয়, “উপদেশতকৈ আৰ্হি ভাল। জাতিৰক্ষাৰ বাবে দিয়া ভাষণ মই শুনি ভাল পাইছোঁ, কিন্তু কেৱল ভাষণেৰে জাতি নাবাচে। মই সংকল্প লৈছোঁ অহাবাৰ বিহুত মই নিজে ১০খন গামোচা বৈ উলিয়াম। অসমীয়া জাতিক ৰক্ষা কৰিবলৈ ভাষণ সকলোৱে প্ৰদান কৰে পিচে জাতি জানো ভাষণত বাচিব। হাতে-কামে লাগি জাতিটো বচালেহে জাতিটোৰ কল্যাণ হ’ব।

বটদ্ৰৱাৰ চৌপাশে ঘূৰিলেই সকলোৱে বুজি পাব দৰাচলতে ইয়াৰ অসমীয়া ৰাইজে কি দৰে জীৱন-যাপন কৰিছে।উল্লেখযোগ্য যে, আজিৰ এই সভাত জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামী, অভিনেতা নয়ণ নিৰ্বানে অংশগ্ৰহণ কৰে। বিধায়িকা আঙুৰলতাৰ সৈতে অভিনেত্ৰী নিশিতা গোস্বামী আৰু অভিনেতা নয়ন নিৰ্বানেও মুকলি বিহুত বিহুনৃত্য প্ৰদৰ্শন কৰি ৰাইজক আমোদ দিয়াও পৰিলক্ষিত হয়।