সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়ৰহে গোচৰ ল’ব ন্যায়ালয়ে

অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়ৰহে গোচৰ ল’ব ন্যায়ালয়ে

শুনানি ভাৰ্চুৱেলি গ্ৰহণৰ সিন্ধান্ত

নতুন দিল্লী,১৮ এপ্ৰিল: ক’ভিডৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত দিল্লী উচ্চ ন্যায়ালয়ে আজি এক জৰুৰী নিৰ্দেশ যোগে কেৱল অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত গোচৰৰহে শুনানি গ্ৰহণ কৰিব বুলি জনাইছে৷

২০২১ চনৰ ৮ এপ্ৰিলৰ নিৰ্দেশটোকেই পুনৰ বাহাল ৰাখে ন্যায়ালয়ে আৰু ই কাইলৈৰ পৰা কাৰ্যকৰী হ’ব৷আনহাতে, ২০২০ বৰ্ষৰ ২২মাৰ্চৰ পৰা ২০২০  চনৰ ৩১ ডিচেম্বৰৰ ভিতৰৰ গুৰুত্বহীন গোচৰসমূহ এইখিনি সময়ত শুনানিৰ বাবে গ্ৰহণ কৰা নহ’ব৷

২০২১ চনৰ ৮ এপ্ৰিলৰ নিৰ্দেশৰ ভিত্তিত ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ২৩ এপ্ৰিললৈকে সকলো গোচৰৰ শুনানি ভাৰ্চুৱেলি গ্ৰহণ কৰা হ’ব বুলি জনোৱা হৈছিল৷উল্লেখযোগ্য যে ৩ গৰাকী ন্যায়াধীশৰ লগতে মুখ্য ন্যায়াধীশ গৰাকী ক’ভিডত আক্ৰান্ত হোৱাৰ পিছত দিল্লী উচ্চ ন্যায়ালয়ে এই সিন্ধান্ত গ্ৰহণ কৰিছিল৷