বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / জইণ্ট এণ্ট্ৰেন্স পিছুৱালে

জইণ্ট এণ্ট্ৰেন্স পিছুৱালে

ক’ভিড সংক্ৰমণৰ বাবে এই সিন্ধান্ত

নতুন দিল্লী, ১৮ এপ্ৰিল: দেশত ক্ৰমশঃ বৃদ্ধি পোৱা ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় মাধ্যমিক আয়োগৰ দ্বাৰা নিয়ন্ত্ৰিত দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা সমূহ বাতিল কৰাৰ সিন্ধান্ত গ্ৰহণ কৰে আয়োগে৷

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে জইণ্ট এনট্ৰেন্স পৰীক্ষাও ইতিমধ্যে পিছুৱাই দিয়াৰ  সিন্ধান্তৰ কথা ৰাজহুৱা কৰিছে৷কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পখৰিয়াল নিশাংকে নেশ্যনেল টেষ্টিং এজেন্সিক ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে জইণ্ট এন্ট্ৰেন্স পৰীক্ষাৰ মেইনচ স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছিল৷জইণ্ট এন্ট্ৰেন্স পৰীক্ষা অহা ২৭ এপ্ৰিলৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল৷