বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / প্ৰথমে শিক্ষকক প্ৰতিষেধক দিয়ক!

প্ৰথমে শিক্ষকক প্ৰতিষেধক দিয়ক!

ক’ভিড নিৰ্দেশনা কঠোৰভাৱে মানক

নতুন দিল্লী, ১৯ এপ্ৰিল: ক’ভিড টাস্ক ফৰ্চে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলক প্ৰথমে ক’ভিড ভেকচিন প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে৷ইণ্ডিয়া টাস্ক ফৰ্চে এক ৰিপৰ্ট প্ৰকাশ কৰি উল্লেখ কৰিছে এনেদৰে “আমি বিদ্যালয় আৰু বিদ্যালয়ৰ কৰ্মচাৰী সকলক প্ৰথম পৰ্যায়ত প্ৰতিষেধক প্ৰদানৰ বাবে আহ্বান জনাইছোঁ৷”

”আমি লক্ষ্য কৰিছোঁ যিবোৰ ৰাজ্যত ক’ভিড সংক্ৰমণ বৃদ্ধি পাইছে সেইবোৰ ৰাজ্যত বিদ্যালয়ৰ পাঠদান প্ৰক্ৰিয়া খুব সোনকালে আৰম্ভ কৰিব পৰা নাযাব৷সেয়ে যাতে জুলাই মাহৰ আগতেই পাঠদান আৰম্ভ কৰিব পাৰি তাৰ বাবে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী সকলক প্ৰতিষেধক প্ৰদানৰ বিষয়টোত অধিক গুৰুত্ব আৰোপ কৰিব লাগিব”-এনেদৰে উল্লেখ কৰে টাস্ক ফৰ্চে৷আনহাতে, সমাজৰ পিছপৰা শ্ৰেণীৰ লোক সকলৰ সন্তানে বিগত বৰ্ষত অধিক ক্ষতিৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰি ৰিপৰ্টত প্ৰকাশ কৰে যে কি উপায়েৰে এই শ্ৰেণীটো অধিক ক্ষতিগ্ৰস্ত নোহোৱাকৈ ৰাখিব পাৰি তাৰ ব্যৱস্থা কৰিব লাগিব৷আন্তৰাষ্ট্ৰীয় বিমানত অহা যাত্ৰী সকলৰ ৭ দিনীয়া কোৱাৰেণ্টাইন বাধ্যতামূলক কৰাৰ বাবে আহ্বান জনোৱাৰ লগতে ৮ দিনৰ দিনা আৰটিপিচিআৰ টেষ্ট কৰাৰ লগতে তাৰ ৰিপৰ্ট নিগেটিভ আহিলেও পুনৰ ৮ দিন আইশ্ব’লেচনত থকাৰ পৰামৰ্শ আগবঢ়াইছে৷দেশৰ ভিতৰৰ বিমান যাত্ৰী সকলৰ ক্ষেত্ৰত তেনে কোনো বাধ্যবাধকতা আৰোপ কৰা নাই যদিও কিন্তু সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি চলাৰ আহ্বান জনাইছে টাস্ক ফৰ্চে৷কৃষিকৰ্মৰ সময়ত কিছুসংখ্যক শ্ৰমিকে প্ৰব্ৰজন কৰে আৰু এই প্ৰব্ৰজনৰ সময়ত যাতে ক’ভিড নীতি নিৰ্দেশনা মানি চলে সেই বিষয়টোতো গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনাইছে টাস্ক ফৰ্চে৷