মঙ্গলবাৰ, ৩ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / বিধায়কৰ মৃত্যু ক’ভিডত

বিধায়কৰ মৃত্যু ক’ভিডত

বিহাৰত সান্ধ্য আইন জাৰি

পাটনা,১৯ এপ্ৰিল: বিহাৰৰ প্ৰাক্তন শিক্ষা মন্ত্ৰী তথা বৰ্তমান জনতা দল ইউনাইটেডৰ বিধায়ক মেৱালাল চৌধুৰীৰ আজি ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে৷বিগত সপ্তাহত ক’ভিড ৰোগত আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পিছত তেওঁ পৰস হস্পিতালত চিকিৎসাধীন হৈ আছিল৷তেওঁ তাৰাপুৰ সমষ্টিৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল আৰু তেওঁ ৰাজ্যিক শিক্ষা মন্ত্ৰীও আছিল৷

ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিহাৰত সান্ধ্য আইন জাৰি কৰা হৈছে আৰু ইয়াৰ সকলোবোৰ বিদ্যালয় অহা ১৫ মে’লৈ বন্ধ কৰি দিয়া হৈছে৷তদুপৰি সকলোবোৰ স্বাস্থ্যকৰ্মীক এক মাহৰ দৰমহা বনাচ হিচাপে দিয়াৰ কথাও ঘোষণা কৰিছে বিহাৰ চৰকাৰে৷বিহাৰত ক’ভিড আক্ৰান্ত ৰোগীৰ মুঠ সংখ্যা হ’ল ৩৯,৪৯৮ জন আৰু বিগত ২৪ ঘণ্টাত ক’ভিডত মৃত্যু হোৱা  লোকৰ সংখ্যা ১,৭২২ জন হৈছেগৈ৷