শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / নগাৱঁত ২৪ ঘণ্টাত ৭২ জন

নগাৱঁত ২৪ ঘণ্টাত ৭২ জন

৬ বজাত নীৰৱ নিস্তব্ধ হ’ল বাট-পথ

নগাঁও, ১৯ এপ্ৰিল: কৰ’না ভাইৰাছৰ দ্বিতীয় লহৰে নগাঁও জিলাত ভয়াবহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। প্ৰতিদিনে জিলাখনৰ বিভিন্ন প্ৰান্তত কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে। আজিও জিলাখনত ৭২ গৰাকী লোক কোভিড-১৯ত নতুনকৈ আক্ৰান্ত হয়।

আজি জিলাখনৰ বিভিন্ন প্ৰান্তত ৩,৮৯৬ জন লোকক ৰেপিড এণ্টিজেন টেষ্ট আৰু ৯৮ জনক  আৰটিপিচিআৰ টেষ্ট কৰা হয়। ইয়াৰ ভিতৰত ৭২ জন লোক ক’ভিডত আক্ৰান্ত হোৱাতো নিশ্চিত হয়। ইয়াৰে ৬৭ জন ৰেপিড এণ্টিজেন টে’ষ্টত আৰু ৫ জন আৰ টিপিচিআৰ টে’ষ্টত কোভিড-১৯ত আক্ৰান্ত হোৱাটো নিশ্চিত হয়। ইয়াৰে ৯ জনক  নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হস্পিটেলত চিকিৎসাধীন কৰা হৈছে।আন ৬৩ জনক নিজ নিজ গৃহতে আছুতীয়াভাৱে পৰ্যবেক্ষণত ৰখাৰ ব্যৱস্থা কৰা হয়। আনহাতে, আজি  চিকিৎসাধীন হৈ থকা ২০  জন লোক সুস্থ হৈ উঠিছে। আজিলৈকে জিলাখনত কভিড-১৯ ৰ দ্বিতীয় লহৰত তিনি শতাধিক  লোক ক’ভিডত আক্ৰান্ত হয়। আজিৰ তাৰিখত নগাঁও জিলাত ২৪৮ গৰাকী লোক ক’ভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।ইপিনে, জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে সকলো লোককে ক’ভিড প্ৰ’টকল মানি চলিবলৈ মাইক যোগে আজি বিয়লি আহ্বান জনাইছে। মাস্ক পৰিধান নকৰা সকলৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ সকিয়নি প্ৰদান কৰি  মাক্স পৰিধান নকৰা সকলক ১০০০ টকাকৈ জৰিমনা বিহে। তদুপৰি সন্ধিয়া ৬ বজাত সমগ্ৰ নগাঁও চহৰখনৰ  ব্যৱসায়িক প্ৰতিষ্ঠান সমুহ বন্ধ হৈ পৰা দেখা যায়।ইপিনে নগাঁও চহৰকে ধৰি ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত আজি সন্ধিয়া আৰক্ষীয়ে তহল দিয়াৰ লগতে সন্ধিয়া ৬ বজাৰ লগে লগে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ কৰাৰ বাবে ব্যৱসায়ীসকলক আহ্বান জনায়।