মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / নাথাকিবই নেকি দেওশাল

নাথাকিবই নেকি দেওশাল

বিশ্ব ঐতিহ্যক্ষেত্ৰ হোৱাৰ আগতেই বিলুপ্ত হোৱাৰ পথত

চৰাইদেউ, ২০ এপ্ৰিল: আহোম ৰাজত্বকালৰ প্ৰথমটো স্থায়ী ৰাজধানী চৰাইদেউ। এই চৰাইদেউত আছে আহোম ৰাজত্ব কালৰ বহু কীৰ্তিচিহ্ন। কিন্তু অতি পৰিতাপৰ কথা যে উপযুক্ত সংৰক্ষণৰ অভাৱত সেইসমূহ এতিয়া ধ্বংসৰ গৰাহত। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত চৰাইদেউ মৈদাম ক্ষেত্ৰৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও মৈদাম ক্ষেত্ৰৰ পাৰ্শ্বৱৰ্তী অঞ্চলত থকা বহু কীৰ্তিচিহ্ন এতিয়া বিলুপ্তিৰ পথত।
 স্বৰ্গদেউ চাওলুং চুকাফাই ১২৫৩ খ্ৰীষ্টাব্দত চৰাইদেউ পাহাৰত ৰাজধানী স্থাপন কৰা সময়তে পাহাৰৰ শিখৰত এখন দেওশাল স্থাপন কৰিছিল। চাওলুং চুকাফাই ৰাজধানী চৰাইদেউত স্থাপন কৰি থলগিৰি জনগোষ্ঠীসমূহৰ দেৱ-দেৱীৰ লগতে টাই সকলৰ উপাস্য দেৱতাক উপাসনা কৰিছিল এই দেওশালত। পৰৱৰ্তী সময়ত দেওশালখন লাকুৱাৰ ৰঙাগড়ালৈ স্থানান্তৰিত কৰা হয় যদিও চৰাইদেউ দেওশালৰ প্ৰায়বোৰ সম্পদ ৰৈ যায়। আনহাতে, ব্ৰিটিছৰ আমোলত  চৰাইদেউ দেওশালৰ বহু সম্পদ আন ঠাইলৈ লৈ যোৱাত দেওশালখন পৰিত্যক্ত হৈ ৰয়। এতিয়া চৰাইদেউ পাহাৰৰ শিখৰত থিয় হৈ থকা তিনিটা শিলাস্তম্ভই স্মৃতি বহন কৰিছে চৰাইদেউ দেওশালৰ। কিন্তু কাণসাৰ নাই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ। যাৰ ফলত অৱহেলিত, অনাদৃত আৰু এলাগী হৈ পৰি ৰৈছে ছশ বছৰীয়া আহোম ৰাজত্বকালৰ ঐতিহ্য।
আনহাতে, চৰাইদেউ পাহাৰৰ শিখৰত থকা দেওশালখন সংৰক্ষণৰ বাবে চৰকাৰ তথা পুৰাতত্ব বিভাগে কোনো ধৰণৰ গুৰুত্ব নিদিয়াত শেহতীয়াকৈ স্থানীয় কেইগৰাকীমান সমাজ সচেতন ব্যক্তিয়ে দেওশালখন পৰিত্যক্ত অৱস্থাৰ পৰা উদ্ধাৰ কৰিবলৈ নিজাকৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। অনুপ মহন, উদয় ৰাজকোঁৱৰৰ নেতৃত্বত স্থানীয় ব্যক্তিকেইগৰাকীয়ে দেওশালখন হাবি-জংঘলৰ পৰা মুক্ত কৰি সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
 উল্লেখ্য যে প্ৰাকৃতিক পৰিৱেশত পাহাৰৰ শিখৰত থকা এই দেওশালখন সংৰক্ষণৰ লগতে সৌন্দৰ্য বৰ্ধন কৰি যদি পৰ্যটকৰ বাবে মুকলি কৰি দিয়ে তেতিয়া হ’লে এই ঠাইলৈ পৰ্যটকৰ অগণন সোঁত হ’বলৈ আৰম্ভ কৰাটো নিশ্চিত। যাৰ ফলত স্থানীয় যুৱক-যুৱতীসকল উপকৃত হোৱাৰ লগতে পৰ্যটকসকলেও গৱেষণাৰ সমল বিচাৰি পাব দেওশালখনত।