বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / হায়দৰাবাদত ঢুকাল অসমৰ বোৱাৰী

হায়দৰাবাদত ঢুকাল অসমৰ বোৱাৰী

ক’ভিডে প্ৰাণ কাঢ়িলে দিপ্তীৰ

নগাঁও,২১ এপ্ৰিল: কৰ্মসূত্ৰে দক্ষিণ ভাৰতৰ তেলেংগানাত বাস কৰা  এগৰাকী মহিলা ক’ভিডত আক্ৰান্ত হৈ হায়দৰাবাদৰ এখন চিকিৎসালয়ত মৃত্যুক সাৱতি লোৱা খবৰে নগাঁও চহৰৰ নিকটৱর্তী ৰণথলী দেওধৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে । প্ৰাপ্ত খবৰ মতে, নগাঁও চহৰৰ নিকটৱর্তী ৰণথলী দেওধৰ অঞ্চলৰ হেমন্ত শইকীয়া নামৰ লোকজনৰ পত্নী তথা দুটি কন্যা সন্তান আৰু এটি পুত্ৰ সন্তানৰ মাতৃ দিপ্তী হাজৰিকা(৪১) চাৰিদিন ধৰি ক’ভিড- ১৯ত  আক্ৰান্ত হৈ হায়দৰাবাদৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। জানিবপৰা মতে, বিগত কিছু বছৰ ধৰি হেমন্ত শইকীয়াই পত্নী দিপ্তী হাজৰিকা আৰু তিনি সন্তানৰ সৈতে তেলেংগানাত বাস কৰিছিল। আজিৰ পৰা পাঁচদিন পূৰ্বে হেমন্ত শইকীয়াৰ পৰিয়ালটো জ্বৰ-কাঁহত ভুগি আছিল। তেলেংগানা স্বাস্থ্য বিভাগে ৰেপিড এণ্টিজেন টেষ্টৰ জৰিয়তে হেমন্ত আৰু দিপ্তীৰ দেহত ক’ভিড-১৯ৰ সংক্ৰমণ ধৰা পেলায়।

আনহাতে, দুয়োৰে স্বাস্থ্যৰ অৱস্থা সুস্থিৰ দেখি চিকিৎসকে তেওঁলোকক হোম আইছ’লেচনত থকাৰ পৰামৰ্শ দিয়ে। কিন্তু ১৮ এপ্ৰিলৰ বিয়লি দিপ্তী হাজৰিকাৰ স্বাস্থ্যৰ অৱস্থা ক্ৰমাৎ বেয়ালৈ ঢাল খোৱাত তেওঁক হায়দৰাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আনহাতে, কালি নিশা চিকিৎসালয় কৰ্তৃপক্ষই দিপ্তী হাজৰিকাই মৃত্যুক সাবটি লোৱা  বুলি পৰিয়ালক ফোনযোগে অৱগত কৰে বুলি জানিব পৰা গৈছে । ইপিনে দিপ্তী হাজৰিকাৰ স্বামী আৰু তিনি সন্তান কোৱাৰেণ্টেইন হৈ থকাৰ বাবে  অন্তিম সময়ত তেওঁলোকে মহিলা গৰাকীক  চোৱাৰ সুযোগ নাপালে। ইপিনে ক’ভিডত  আক্ৰান্ত হৈ দিপ্তী হাজৰিকাৰ মৃত্যু হোৱা বুলি খবৰ লাভ কৰাৰ  পাচত  নগাঁৱৰ ৰণথলী দেওধৰ অঞ্চলত শোকৰ ছাঁ পৰে । উল্লেখ্য যে দিপ্তী হাজৰিকা তেলেঙ্গনাৰ এখন বিউটি পাৰ্লাৰত কৰ্মৰত হৈ আছিল।