সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Lifestyle  / Health  / অক্সিজেন নাটনিৰ বিষয়ত ন্যায়ালয়ৰ হস্তক্ষেপ

অক্সিজেন নাটনিৰ বিষয়ত ন্যায়ালয়ৰ হস্তক্ষেপ

কাইলৈ পুনৰ উত্তৰ দিব লাগিব চৰকাৰে

নতুন দিল্লী, ২২ এপ্ৰিল: ক’ভিডৰ সংক্ৰমণে দেশত ভয়াবহ ৰূপ লোৱাৰ সময়ত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক এই অনাহুত পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবৰ বাবে জৰুৰী অৱস্থাত ল’বলগীয়া পদক্ষেপ গ্ৰহণৰ আহ্বান জনাইছে৷অক্সিজেন যোগান, প্ৰতিষেধক প্ৰদান, অত্যাৱশ্যকীয় ঔষধ  আদি যোগানৰ ক্ষেত্ৰত সকলো পদক্ষেপ গ্ৰহণৰ বাবে এক সঠিক ৰাষ্ট্ৰীয় পৰিকল্পনা গ্ৰহণৰ আহ্বান জনাইছে উচ্চতম ন্যায়ালয়ে৷উল্লেখযোগ্য যে দেশৰ ৬ খন উচ্চ ন্যায়ালয়ত ১৯ টা ক’ভিড প্ৰতিৰোধৰ প্ৰয়োজনীয় সামগ্ৰী সম্পৰ্কত শুনানি চলি আছিল৷আজি দেশৰ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক ক’ভিডৰ সামগ্ৰী নাটনি ঘাইকৈ অক্সিজেনৰ নাটনি সম্পৰ্কত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়৷কাইলৈ পুনৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে এই বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ মতামত গ্ৰহণ কৰিব৷